মন্ত্ৰীৰ ভাতৃপুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, ধৰ্ষিতাৰ আঢ়ৈ বছৰীয়া সন্তানৰ পিতৃ শামোধ

newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত বৃদ্ধি পাইছে ধৰ্ষণ আৰু নিৰ্যাতনৰ ঘটনা৷ একাংশ পাষণ্ড লোকে শিশুৰ পৰা বৃদ্ধালৈ ধৰ্ষণ কৰি সভ্য সমাজক লজ্জানত কৰিছে৷ কোনো অভিযুক্তই যদি বলপূৰ্বক ভাৱে নাৰীক লালসাৰ স্বীকাৰ কৰি লৈছে, আন একাংশই আকৌ প্ৰলোভন, চল-কৌশলেৰে নাৰীৰ সতীত্ব আজুৰি আনিছে৷

সমগ্ৰ দেশত এনেবোৰ ঘটনাই কু প্ৰভাৱ পেলাই থকাৰ সময়তে চত্তীশগড়ৰ স্বৰাষ্ট্ৰমন্ত্ৰী ৰামসেৱক পাইকৰাৰ ভাতৃপুত্ৰ শামোধ পাইকৰাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে৷ জানিব পৰা মতে, নিৰ্যাতিতা যুৱতীগৰাকী মন্ত্ৰী ভাতৃ পুত্ৰ কলেজীয়া জীৱনৰ সহপাঠিনী আছিল৷

শামোধ পাইকৰাৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত এবছৰ পূৰ্বেই এখন এজাহাৰ দাখিল কৰিছিল৷ নিৰ্যাতিতাৰ ভাষ্য অনুসৰি, তেওঁৰ আঢ়ৈ বছৰীয়া সন্তানটোৰ পিতৃ হৈছে শামোধ পাইকৰাৰ৷ 

প্ৰায় তিনিবছৰ পূৰ্বে বিবাহৰ প্ৰলোভন দি মন্ত্ৰীৰ ভাতৃ পুত্ৰই যুৱতী গৰাকীৰ সৈতে শাৰিৰীক সম্বন্ধ স্থাপন কৰিছিল বুলি দাবী কৰে যুৱতীগৰাকীয়ে৷ কিন্তু পিছত শামোধে যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক ছেদ কৰে৷ 

শামোধে যুৱতী গৰাকীৰ লগত সম্পৰ্ক ছেদ কৰাৰ এবছৰ পিছত যুৱতীগৰাকীয়ে আৰক্ষী থানাত শামোধৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল যদিও প্ৰভাৱশালী ব্যক্তি হোৱা হেতুকে আৰক্ষীয়ে ধৃত শামোধৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷

শেহতীয়াকৈ নিৰ্যাতিতাৰ অভিযোগ হাতত লৈ এবছৰ পিছত তদন্ত আৰম্ভ কৰিছে সুৰজপুৰৰ আৰক্ষী অধীক্ষক গিৰিজা শংকৰ জয়ছোৱালে৷ জয়ছোৱালে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত তদন্ত চলাই মন্ত্ৰীৰ ভাতৃ পুত্ৰ শামোধ পাইকৰাৰ সন্ধান অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, শামোধ পাইকৰাৰ এতিয়া পলাতক অৱস্থাত আছে৷

উল্লেখ্য যে, শামোধে যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক ছেদ কৰা অৱস্থাত যুৱতীগৰাকী গৰ্ভৱতী আছিল৷ মন্ত্ৰীৰ ভাতৃ পুত্ৰই যুৱতীগৰাকীক গৰ্ভৰ সন্তানটো নষ্ট কৰিবলৈ জোৰ কৰিছিল৷ কিন্তু যুৱতীগৰাকীয়ে সেয়া কৰিবলৈ অমান্তি হোৱাত শামোধে সম্পৰ্ক ছেদ কৰে৷ পিছত যুৱতীগৰাকীয়ে এটি মৰমলগা কন্যা সন্তান জন্ম দি মাতৃত্বৰ গৈৰৱ অৰ্জন কৰে৷