
গোৱালপাৰঃ কিশোৰীৰ জীৱনক লৈ একাংশ অভিভাৱকে আজিও হেতালি খেলি আহিছে৷ কিশোৰীৰ খেলা-ধুলা কৰাৰ বয়সত বিয়া দিবৰ বাবে উঠি পৰি লাগে একাংশ অভিভাৱক৷ ডাঙৰ হৈ অহাৰ লগে লগে তেওলোকৰ সপোন বোৰকলৈ হেতালি খেলা আৰম্ভ হয়।
কন্যা সন্তানটোক বোজা বুলি ভাবি বিয়া দিবলা উঠিপৰি লাগে৷ অপৈনত বয়সত নিজে জন্ম দিয়া সন্তানক বিয়া দি এটি এটি জীৱনক ধ্বংস কৰি স্বৰ্গীয় সুখ লাভ কৰে পিতৃ-মাতৃয়ে৷ আজিৰ প্ৰতিযোগিতাৰ যুগত এবাৰো অভিভাৱকৰ মনলৈ নাহে জীৱনৰ বাটত আগুৱাই নি সন্তানক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰাৰ চিন্তা-ধাৰা৷
এনে একাংশ অশিক্ষিত, নিৰক্ষৰ অভিভাৱকৰ বাবে অসম আজি লজ্জানত হৈছে৷ কিশোৰ অৱস্থাতে মাতৃ হ’ব লগা হৈছে বহু কিশোৰী৷ চৰকাৰ অথবা প্ৰশাসন, দল-সংগঠনে বাল্য বিবাহৰ বিৰুদ্ধে কাম কৰি আহিছে যদিও ফল ধৰা দেখা নাযায়৷ যেতিয়ালৈ অভিভাৱকে নিজে এই সন্দৰ্ভত চিন্তা চৰ্চা নকৰিব তেতিয়ালৈ দল-সংগঠনে একো কৰি দিব নোৱাৰিব৷
আজিও ৰাজ্যত অব্যাহত আছে বাল্য বিবাহৰ দৰে ঘৃণনীয় ঘটনা৷ গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত শিমলিতোলাৰ সমীপৰ জীয়াগুৰি গাঁৱত যোৱা ৩০ অক্টোবৰত আৰক্ষী আৰু শিমলিতোলা আমছুৱে এখন বাল্যবিবাহ বন্ধ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য মতে, জীয়াগুৰি গাঁৱৰ আমিৰ আলীৰ ১৪ বছৰীয়া কন্যাক সমীপৰ কানকাটা গাঁৱৰ এজন প্ৰাপ্তবয়স্ক লোকৰ সৈতে বিয়াৰ দিন-বাৰ থিক কৰে। এই সন্দৰ্ভত আমছুৰ সদস্যই অৱগত হয়৷ ৰংজুলি আৰক্ষীৰ এটি দল আমছুৰ নেতা-কৰ্মী সহ নাবালিকাৰ বাসগৃহত উপস্থিত হয়৷
বিয়া চলি থকা অৱস্থাতে আমছুৰ নেতা বিউল হক, ইনামুল, মনোৱাৰ হুছেইন, চহিদুল, চাহিদুৰৰ সৈতে আৰক্ষী উপস্থিত হোৱাত বিয়া ঘৰত হুৱাদুৱা লাগে৷ আৰক্ষী আৰু ছাত্ৰ সংগঠনে পিতৃৰ সৈতে আলোচনা কৰি বিয়াখন সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ সক্ষম হয়। অভিভাৱকে ১৪ বছৰীয়া কিশোৰীগৰাকীক ১৮ বছৰৰ নহোৱা পৰ্যন্ত বিয়া দিব নোৱাৰিব বুলি প্ৰশাসনে দিয়া চৰ্তত মান্তি হৈ অভিভাৱকে চুক্তিত স্বাক্ষৰ কৰে।
উল্লেখযোগ্য যে অশিক্ষা আৰু অনগ্ৰসৰতাই আৱৰি ৰখা অঞ্চলটোত বাল্যবিবাহ বন্ধ কৰিবলৈ সক্ষম হয় যদিও প্ৰায়ে শিমলিতোলা এলেকাৰ খেৰোপাৰা, জীয়াগুৰি, কানকাটা আদি ভিতৰুৱা গাঁৱত বাল্যবিবাহৰ দৰে জঘন্য কাণ্ড সংঘটিত হৈ আহিছে।
কেৱল ইমানেই নহয় নামনি অসমৰ সংখ্যালঘু প্ৰধান এলেকাত বাল্য বিবাহৰ প্ৰচলন আজিও অব্যাহত আছে। চৰকাৰ তথা প্ৰশাসনক স্থানীয় সচেতন ৰাইজে অঞ্চল সমূহত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্রহণৰ আহ্বান জনায়।