
ডিব্ৰুগড়ঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত নাদুৱা চাহ বাগিচা প্ৰথমিক বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়৷ বিদ্যালয়ৰ খনৰ পৰিচালনা সমিতিৰ বিষয়-ববীয়া, স্থানীয় অাটছাৰ বিষয়-ববীয়া, চাহ শ্রমিক সংঘ, বিদ্যালয়ৰ ছাত্ৰ-ছত্ৰী-শিক্ষক, স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্ৰথম’ বিষয়-ববীয়াৰ উপস্থিতিত পালন কৰা শিশু দিৱস৷
লীনা বৰুৱা, প্ৰহেলিকা কোঁৱৰ, প্ৰধান শিক্ষক কিশোন মুড়া অাৰু সহঃ শিক্ষক কিশোন বেদীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ বৰুৱাই স্বাধীন ভাৰতৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰে৷ ইয়াৰ পাছতে কাৰ্যসূচী অনুসৰি ছাত্র-ছাত্রী মাজত খেল ধেমালী, ভেকচন, কবিতা অাবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
বিয়লি লঘু অাহাৰ বিতৰণ কৰা পাছতে বিদ্যালয়খনৰ কাৰ্যসূচী সামৰণি পৰে৷ অানহাতে শিশু দিৱসৰ প্ৰতি লক্ষ্য ৰাখি বৃহওৰ অসমীয়া যুৱ মঞ্চৰ চাবুৱা অাঞ্চলিক সমিতিৰ সভাপতি তপন দাস, সচিব প্ৰধান মইনা দাস অাৰু শিক্ষা সচিব দ্বিপজ্যোতি দওৰ স্বাক্ষৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহ প্ৰতিযোগিতালৈ নিৰ্বাচিত প্ৰাৰ্থী লাভলি চেতিয়াক অভিনন্দন পত্রৰ লগতে গামোছা, জাপি প্ৰদান কৰি আদৰণী যাচে৷ অহা ডিচেম্বৰ মাহত গুজৰাটৰ গান্ধী নগৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছে লাভলি চেতিয়াই৷