
বিহালীঃ ৰাজ্যত আজিও অব্যাহত আছে বাল্য বিবাহ৷ চৰকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠান, সংখ্যালঘু সংগঠনে বাল্য ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ আমছুৰ নেতাই বাল্য বিবাহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ আমছুৱে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান সজাগতা চলাই থকাৰ সময়তে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিত আমছু নেতাৰ বিৰুদ্ধে ১৪ বছৰীয়া কিশোৰীক বিয়া কৰোৱাৰ অভিযোগ উত্থাপন হৈছে৷
লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ আমছু নেতাগৰাকীয়ে নৱম শ্ৰেণীৰ ছাত্ৰীক বিয়া কৰােৱা বুলি অভিযোগ উত্থাপন হয়৷ পেচাত এজন অধিবক্তা তথা আমছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আনাৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে, লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ বিএমপি গাঁও পঞ্চায়তৰ সভাপতিৰ নাবালিকা কন্যা তথা সোণাপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে আমছু নেতাগৰাকীৰ বিয়া হৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে আমছুৰ বিএমপি আঞ্চলিক সমিতিয়ে আনাৰুলৰ বিৰুদ্ধে নাওবৈচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।
বাল্য বিবাহৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখা আমছুৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমান তথা কেন্দ্ৰীয় সমিতিয়ে আনাৰুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। সততে বাল্য বিবাহৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা ইলিয়াছ ৰহমান চৰকাৰ নামৰ যুৱকজনে এই সন্দৰ্ভত ফেচবুকত প্ৰচাৰো চলাই৷ ইলিয়াছে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে৷