
ধিংঃ ৰাজ্যত আজিও অব্যাহত আছে বাল্য বিবাহ৷ চৰকাৰে স্বেচ্ছাসেৱী অনুষ্ঠানে বাল্য ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱাৰ সমীপৰ বাটমাৰী গাঁৱ এগৰাকী অষ্টিম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰীক বিয়া দিবলৈ ওলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
অষ্টম শ্ৰেণীত অধ্যয়ণ কৰি থকা নাবালিকা তথা পৰিক্ষাৰ্থী এগৰাকীক বিয়া দিয়াৰ যো-জা চলোৱাৰ কথা অৱগত হয় একাংশ সমাজ সচেতন লোকে।
বিয়াৰ যোজা চলি থকা সময়তে বিদ্যালয়খনৰ শিক্ষকসকলে স্থানীয় আমছুৰ সহযোগত বটদ্ৰৱা আৰক্ষী চকীত খবৰ দিয়ে৷ আৰক্ষীয়ে স্থানীয়ে সমাজ সচেতক লোকৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে অভিযান চলাই আৰক্ষীয়ে বাল্য বিবাহ ৰোধ কৰে৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই দৰা পলাই সাৰিবলৈ সক্ষম হয়৷