আইন সেৱা প্ৰাধিকৰণৰ তৎপৰতাত মোৰাঝাৰত বন্ধ হ'ল বাল্যবিবাহ

মোৰাঝাৰঃ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ নতুনকৈ গঠন হোৱাৰ পিছতে জিলাখনত বাল্যবিবাহ, শিশু শ্ৰমিক, শিশু নিৰ্যাতন আদিৰ দৰে ঘটনাবোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ তৎপৰতাত বুধবাৰে হোজাইৰ মোৰাঝাৰত পুনৰ এখন বাল্যবিবাহ বন্ধ কৰা হয়৷

এই সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙে জানিবলৈ দিয়া মতে বুধবাৰে মোৰাঝাৰৰ বুৰুংগাত এগৰাকী ১৫ বছৰীয়া নাবালিকাৰ বিবাহৰ আয়োজন কৰা হৈছিল চৌধুৰীবজাৰৰ এজন যুৱকৰ লগত৷ দৰাঘৰীয়াই কন্যাক চাই যোৱাৰ পিছতে গোপনে আয়োজন কৰা হৈছিল বিবাহখন৷

এক গোপন সূত্ৰৰ পৰা এই খবৰ লাভ কৰি আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, মোৰাঝাৰ থানাৰ এ এছ আই ধনেশ্বৰ দাস, চাইল্ড লাইনৰ মনজিৎ দাস আৰু বন্দনা দাসসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ বাল্যবিবাহখন বন্ধ কৰি দিয়ে৷ উপস্থিত দলটিয়ে বাল্য বিবাহৰ ভয়াৱহতা আৰু শাস্তিৰ কথা বুজাই দিয়াত নাবালিকাগৰাকীৰ পৰিয়ালে বিবাহখন বাতিল কৰাৰ লগতে লিখিতভাৱে ১৮ বছৰৰ তলত কন্যাক বিবাহ নিদি অধ্যয়নৰ ব্যৱস্থা কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

অসহায় বৃদ্ধক উদ্ধাৰ কৰি আশ্ৰয় গৃহলৈ প্ৰেৰণ

ইফালে আজি জিলা আইন সেৱা প্ৰাধিকৰণ আৰু হোজাই আৰক্ষীয়ে হোজাইৰ পৰা উদ্ধাৰ কৰে এজন অসহায় বৃদ্ধক৷ বৃদ্ধজনৰ নাম শংকৰ আৰু তেওঁ নিজকে হাওৰাঘাটৰ লোক বুলি কয় যদিও বিতং তথ্য প্ৰদান কৰিবলৈ অসমৰ্থ হৈ পৰে লোকজন৷ অসুস্থ অৱস্থাত অসহায়ভাৱে ঘূৰি ফুৰা বৃদ্ধজনক উদ্ধাৰ কৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙে বৃদ্ধজনক ডবকাস্থিত বয়োজ্যেষ্ঠসকলৰ বাবে থকা আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে৷