চিচিবৰগাঁৱৰ সমস্যা সমাধানত বিফল চৰকাৰ, যুৱ-ছাত্র, ছাত্ৰ মুক্তিয়ে কৰিব প্ৰতিবাদ

newsnextone.com | চিচিবৰগাঁওঃ ৰাজ্য চৰকাৰে গ্ৰাম্য এলেকাৰ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, কৃষি খণ্ড, গৰাখহনীয়াক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ উজনি-নামনি আৰু বৰাক উপত্যকাৰ গ্ৰাম্য এলেকাৰ উন্নয়নত চৰকাৰে গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ চিচিবৰগাঁও আঞ্চলিক সমিতিয়ে ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চল বিভিন্ন সমস্যাৰে জৰ্জৰিত যদিও চৰকাৰে আজিলৈ এটাও সমস্যা সমাধান কৰিবলৈ চেষ্টা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলটোক চৰকাৰে গুৰুত্ব নিদিয়াৰ ফল স্বৰূপেই জিলা খনৰ ভিতৰতে অঞ্চলটো সৰ্বদিশতে পিছ পৰি ৰৈছে বুলি অভিযোগ উত্থাপন কয় সংগঠনদ্বয়ে৷
 
সুকীয়া সুকীয়া বিবৃতি যোগে সংগঠন দুটাই বান গৰাখহনীয়া সহ অনেক সমস্যাৰে জৰ্জৰিত বান বিধ্বস্ত চিচিবৰগাঁও অঞ্চলক গুৰুত্ব প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়৷ ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত বান গৰাখহনীয়া, শিক্ষা, স্বাস্থ্য, যাতায়তৰ সমস্যা সমূহ সমাধান কৰিবলৈ দাবী জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ তথা আবেদন-নিবেদন কৰাৰ পিছতো চৰকাৰ আৰু জিলা প্ৰশাসনে পদক্ষেপ গ্ৰহণ নকৰা বুলি কয়৷

সংগঠন দুটাই চিচিবৰগাঁও-আমগুৰি সংযোগী গড়কাপ্তানী পথ নিৰ্মাণ, চিচিবৰগাঁও শ্বহীদ বেদি-গেলুৱা বৰচোক-সাতুলাচোক সংযোগী পথ নিৰ্মাণ, চিচিবৰগাঁও চাৰিআলি কৃষ্টি ভৱনৰ মেৰামতি, চিচিবৰগাঁও চাৰিআলিত গ্ৰন্থগাৰ নিৰ্মাণ, চিচিবৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ত ২৪ ঘণ্টাই চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰা, ঔষধ পাতি যোগান ধৰাৰ দাবী জনায়৷

ৰাষ্ট্ৰীয় ঘাই পথৰ চিচিবৰগাঁও চাৰিআলিৰ সমীপৰ দলঙত গতিৰোধক দিয়া, চিচিবৰগাঁও পশু চিকিৎসালয়ত চিকিৎসক নিয়োগ-ঔষধ, সা-সৰঞ্জাম প্ৰদান, পশুধনৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা, কৃত্ৰিম গো-প্ৰজননৰ বাবে চৰকাৰে আগবঢ়োৱা আঁচনিসমূহ ৰূপায়ন কৰা, জীৱ-জন্তু পালনেৰে স্বাবলম্বী হ’ব পৰাকৈ চৰকাৰৰ আঁচনি ৰূপায়ন কৰাৰ দাবী জনায়৷ 

বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্র-ছাত্রী অনুপাতে শিক্ষক নিযুক্তি দিয়া, বিদ্যালয়সমূহত আন্তঃগাঁথনি উন্নয়ন বাবে আঁচনি ৰূপায়ন কৰাৰ দাবী জনায় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি ক্ষীৰোদ শইকীয়া, ভাৰপ্ৰাপ্ত সম্পাদক বিদ্যুত ভূঞা আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি মিণ্টু ভূঞা আৰু সাধাৰণ সম্পাদক বাবু চুতীয়াই স্বাক্ষৰিত সুকীয়া স্মাৰক পত্ৰ চিচিবৰগাঁও চক্ৰ বিষয়াৰ জড়িয়তে ধেমাজি জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰে। সংগঠনদুটাই শীঘ্ৰে চিচিবৰগাঁৱৰ সমস্যা সমূহ সমাধান নকৰিলে ভয়াবহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ ভাবুকি প্ৰদান কৰে৷