দুলীয়াজানত কংগ্ৰেছৰ পদযাত্ৰা, ইন্দিৰা গান্ধীক স্মৰণ

দুলীয়াজানঃ দেওবাৰে দুলীয়াজানৰ ভাদৈত কংগ্ৰেছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰে৷ ইন্দিৰা গান্ধীৰ জন্ম শত বাৰ্ষিকী উপলক্ষে পদযাত্ৰা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি যাচে৷ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি এটুৱা মুণ্ডা, পি গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ সহ মুঠ ১৬খন পঞ্চায়তৰ বিষয়-ববীয়া উপস্থিত থাকে।

প্ৰায় ৮০০ কংগ্ৰেছ কৰ্মীয়ে ৬ কিঃ মিঃ পদযাত্ৰা কৰে৷ প্ৰাক্তন বনমন্ত্ৰী এটুৱা মুণ্ডাই বিজেপি চৰকাৰে জিএছটি আৰু ৩ টকীয়া চাউলকে ধৰি কেচুৱাই খোৱা বিস্কুটলৈকে কৰ লগোৱা বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ কংগ্ৰেছৰ নেতা ধ্ৰুৱজ্যোতি গগৈয়ে সাংসদ ৰামেশ্বৰ তেলি আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গুৱালাক উন্নয়নত গুৰুত দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷ বাট-পথৰ যি অৱস্থা, অইলক নিলাম কৰাৰ চৰকাৰৰ যি সিদ্ধান্ত  তাৰ বাবে সাংসদ আৰু বিধায়ক গৰাকীক জগৰীয়া কৰে।