অগপৰ নাগৰিক সভা, অগপ বিজেপিৰ মিত্ৰতা হ’ব ভংগ

তেজপুৰঃ ৰাজ্য চৰকাৰৰ সহযোগী অগপ দলে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে নাগৰিক সভা অনুষ্ঠিত কৰে৷ নাগৰিক সভাত চৰকাৰৰ সহযোগী দলটোৱে দিল্লীৰ বিজেপিৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনত পৰিণত কৰি অসমত অবৈধ হিন্দু বাংলাদেশী সংস্থাপন কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে কেইবাগৰাকী অগপৰ জ্যেষ্ঠ নেতা নাগৰিক সভাত উপস্থিত থাকি মিত্ৰ জোঁটৰ গুৰী ধৰি থকা বিজেপি দলক তীব্ৰ সমালোচানা কৰে৷ এফালে বিজেপিৰ বোকোচাত উঠি দিছপুৰত শাসন চলাই গৈছে আনহাতে ৰাইজৰ ওচৰ চাপিবলৈ নাগৰিক সভা অনুষ্ঠিত কৰি নিজৰ দায় সাৰিব খুজিছে অসমৰ একমাত্ৰ আঞ্চলিক দলটোৱে৷ তাৰ পিছতে শুকুৰবাৰে অগপই ৰাজ্যজুৰি নগৰিক সভা অনুষ্ঠিত কৰে৷

বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনত পৰিণত কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খোজা কাৰ্যক মানি নোলোৱাৰ হুংকাৰ দিয়ে৷ যোৱা দুটা বছৰ কেন্দ্ৰ চৰকাৰ খনৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে অগপ দলে অন্তিম সময়ত নাগৰিক সভা অনুষ্ঠিত কৰি দোষ মাৰি থব বিছৰাৰ দৰে হৈছে৷ বানপানী, গৰাখহনীয়া, হাতীৰ উপদ্ৰৱ, শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাটৰ সমস্যাত ককবকাই থাকিব লগা হোৱা অসমীয়াই আজি এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰি অসমীয়াত পেটে ভাতে ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ তেজপুৰতো তেজপুৰ অগপৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত হয়৷ তেজপুৰ অগপৰ কাৰ্যালয়ত অনুষ্ঠিক সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ মানি লোৱা নহব বুলি কয় স্থানীয় বিধায়ত তথা অগপ নেতা বৃন্দাবন গোস্বামীয়ে৷ প্ৰয়োজন হলে মিত্ৰতা ভংগ হ’ব বুলি কয় গোস্বামীয়ে৷

গোস্বামীয়ে সকলোকে সম অধিকাৰ, সম মৰ্যদা দিবলৈ আমি দায়বদ্ধ বুলি কৈ অসমৰ স্বাৰ্থৰ বিৰোধি, জাতি ধ্বংসী কোনো কাম আমি কৰিব দিব নোৱাৰো বুলি কয়৷ তেনে স্বাৰ্থ বিৰোধি কামৰ আমি প্ৰতিবাদ কৰিব যাম বুলিও কয় তেজপুৰৰ বিধায়ক, অগপ নেতা বৃন্দাবন গোস্বামীৰ৷ উল্লেখ্য যে, বাংলাদেশী বিতাড়ন বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি বছৰ বছৰ ধৰি উত্তাল কৰি ৰাখিছে৷

১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেবাটাও জাতীয় দল-সংগঠনে কেবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ তাৰ মাজতে অসম আন্দোলনত নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷ তাৰ পিছতো দিল্লী-দিছপুৰৰ বিজেপিৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনত পৰিণত কৰি অসমত অবৈধ হিন্দু বাংলাদেশী সংস্থাপন কৰাৰ প্ৰস্তুতি চলাইছে৷