
ৰঙিয়াঃ শ্ৰমজীৱি খাটি খোৱা মানুহৰ কোনো ধৰ্ম নাথাকে৷ যন্ত্ৰই কোনো ধৰ্ম চিনি নাপায়৷ যন্ত্ৰই কোনো নিৰ্দিষ্ট এটা ধৰ্মৰ মানুহৰ বাবে সামগ্ৰী উৎপাদন নকৰে৷ কিন্তু দেশত এটা বিশেষ সংগঠনে এতিয়া সকলো ক্ষেত্ৰতে ধৰ্মৰ বিষয়টোক টানি আনি মানুহক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷
গণতন্ত্ৰকামী নাগৰিকে এইসমূহ কাৰ্যৰ বিৰুদ্ধাচাৰণ কৰিলে তেওঁলোকে মহাত্মা গান্ধী, আম্বেদকাৰ, ভ্লাডিমিৰ লেনিন আদিৰ দৰে মানুহৰ মুক্তিৰ গান গোৱা মনীষীৰ প্ৰতিমূৰ্তি ভাঙি পেলায়৷ এই ভাষ্য চি আই টি ইউৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক তপন শৰ্মাৰ৷ শ্ৰমিক সংগঠনটোৱে আহ্বান জনোৱা জাঠা কাৰ্যসূচীত ৰঙিয়াৰ হাইৱে চকত শ্ৰমিক নেতাগৰাকীয়ে এই মন্তব্য আগবঢ়ায়৷
সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰঙিয়া আঞ্চলিক সমিতিৰ সভাপতি যজ্ঞ বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত শৰ্মাই আৰু কয়, দেশৰ অৰ্থনীতি আজি এন ডি এ চৰকাৰৰ পূঁজিবাদীৰ ফলত ভাঙি চিঙি থানবান হৈছে৷ বিমুদ্ৰাকৰন, এফ ডি আই আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ ফলত দেশৰ অৰ্থ ব্যৱস্থা আজি ধ্বংস প্ৰায়৷
ব্যাপক নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছে দেশ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ চৰকাৰৰ দিনত প্ৰতি বছৰে দুই কোটি যুৱকক চাকৰি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি আজি ধোঁৱাচাঙত৷ চৰকাৰে চাকৰি দিয়াতো দূৰৰ কথা তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত বিগত বৰ্ষটোত ৭৩ হাজাৰ যুৱকে চাকৰি হেৰুৱাবলগীয়া হৈছে৷
বিগত বৰ্ষত সমগ্ৰ দেশতে মাথোন ২ লাখ ৩৫ হাজাৰ চৰকাৰী চাকৰিৰ সৃষ্টি হৈছিল যদিও চৰকাৰে এই পদ পূৰণ কৰিব পৰা নাই৷ মূল্যবৃদ্ধিয়ে দেশৰ নাগৰিকক ত্ৰাহি মধুসূদন সোঁৱৰাব লাগিছে যদিও প্ৰধানমন্ত্ৰীগৰাকী নিৰ্বিকাৰ বুলি অভিযোগ কৰি শ্ৰমিক নেতাগৰাকীয়ে কয় যে পেট্ৰ’ল, ডিজেলৰ আাকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সমগ্ৰ দেশতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্যমান অবিশ্বসনীয় হাৰত বৃদ্ধি পাইছে৷
মূল্যবৃদ্ধিৰ ফলত দেশৰ নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ জীৱন আজি সংকটাপন্ন৷ সমগ্ৰ দেশতে এতিয়া বাহুবল আৰু ধনবলৰ জৰিয়তে ৰাজনৈতিক ক্ষমতা হস্তগত কৰাৰ পৰম্পৰা আৰম্ভ হৈছে বুলি অভিযোগ কৰি শৰ্মাই কয় যে দেশত এতিয়া এক ধৰ্ম এক দল ব্যৱস্থা প্ৰৱৰ্তনৰ ষড়যন্ত্ৰ চলিছে৷
কিন্তু আমাৰ দেশৰ সভ্যতা আৰু সংস্কৃতিয়ে এই ধ্যান ধাৰণাক কোনো কাৰণতে মানি নলয় বুলি কয় শৰ্মাই৷ সভাত চি আই টি ইউৰ ৰাজ্যিক সমিতিৰ সভাপতি অসিত দত্ত, উপ-সভাপতি সন্তোষ গুহ আৰু সদস্য চন্দ্ৰাৱতী বসুমতাৰীয়েও ভাষণ প্ৰদান কৰে৷ কোকৰাঝাৰৰ পৰা যাত্ৰা অাৰম্ভ কৰি ঢালিগাওঁ, বিজনী, সৰভোগ, চিমলাগুৰি, ভৱানীপুৰ,পাঠশালা আৰু নলবাৰীত সভা অনুষ্ঠিত কৰাৰ পিছত শুকুৰবাৰে চি আই টি ইউৰ ১৯ জনীয়া দলটো ৰঙিয়াত উপস্থিত হয়৷