'ক’ মানৰ পৰাই হ’ব ডিজিটেল শিক্ষা

ডিজিটেল ডেস্কঃ এতিয়া আৰু ফলি-কিতাপ লৈ বিদ্যালয়লৈ যোৱাৰ দিন নাই। ডিজিটেল ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে একেবাৰে অংকুৰ অৱস্থাৰপৰাই শিশুক ডিজিটেল জগতখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আগবাঢ়িছে এখন ৰাজ্য চৰকাৰ। 

কেৰেলা চৰকাৰৰ শিক্ষা বিভাগে আগন্তুক বৰ্ষৰপৰাই প্ৰথম শ্ৰেণীৰ পৰাই তথ্য আৰু যোগাযোগ প্ৰযুক্তি সম্বলিত পাঠ্যক্ৰম প্ৰচলন কৰাৰ কথা ঘোষণা কৰিছে।

ইয়াৰ বাবে ই@বিদ্যা নামৰ বিশেষ পাঠ্যপুথি আৰু ডিভিডিও প্ৰস্তুত কৰিছে বিভাগটোৱে। এক বিশেষ অপাৰেটিং চিষ্টেম আৰু সমল ডিভিডিখনে তথ্য প্ৰযুক্তি সম্পৰ্কে কণ কণ ছাত্ৰ-ছাত্ৰীক সম্যক জ্ঞান লাভ কৰাত সহায় কৰিব বুলি জনায় ৰাজ্যখনৰ শিক্ষামন্ত্ৰী চি ৰবীন্দ্ৰনাথে।