দৌৰৰ ৰাণী হিমাক মুখ্যমন্ত্ৰীৰ ৫০ লাখ, শনিবাৰে হিমাৰ ঘৰলৈ গ’ল ৰকিবুল হুছেইন

newsnextone.com | গোলাঘাট/নগাঁওঃ উজনি অসম ভ্ৰমণত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে যোৱা দুটা দিনত নিজ সমষ্টি মাজুলীৰ বিভিন্ন উন্নয়ন মূলক আঁচনি পৰিদৰ্শন কৰাৰ লগতে কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে৷ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সাংবাদিকক জংসংযোগ বিভাগৰ কাৰ্ডো বিতৰণ কৰে৷ 

মুখ্যমন্ত্ৰীয়ে মাজুলীৰ বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি মাজুলীৰ বান-গৰাখহনীয়া ৰোধ কৰাৰ লগতে ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী আদিৰ আঁচনি ৰূপায়নৰ বাবে উপায়ুক্তৰ জৰিয়তে ধন খৰছ কৰিবলৈ বিশেষ আঁচনি ৰূপায়ন কৰিবলৈ নিৰ্দেশ দিয়ে৷ শুকুৰবাৰে গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে৷ কৃষকৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে কাম কৰিম বুলি কয়৷

শনিবাৰে খুমটাইত উপস্থিত হয় মুখ্যমন্ত্ৰীয়ে৷ খুমটাইত কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে৷ তাৰ পূৰ্বে নুমলীগড়ত মুখ্যমন্ত্ৰীয়ে অসম কন্যা দেশৰ তাৰকা হিমা দাসক ৫০ লাখ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ হিমাই ৰাজ্যত উপস্থিত হোৱাৰ পিছত চৰকাৰে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰি বিশেষ ভাৱে সম্বৰ্ধনা যাচিব বুলি কৈ ৫০ লাখ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ 

আনহাতে, অসম অসম অলিম্পিক সন্থাই হিমা দাসক ২ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে৷ তাৰ লগে লগে শনিবাৰে নগাঁও জিলাৰ ধিঙৰ কান্ধুলীমাৰীত হিমাৰ গৃহত  অসম অলিম্পিক সন্থাৰ সভাপতি ৰকিবুল হুছেইন উপস্থিত হয়৷ অসম অলিম্পিক সন্থা আৰু অসম এথলেটিকছ সন্থাই হিমাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি শুভেচ্ছা যাচি ২ লাখকৈ টকাৰ চেক প্ৰদান কৰে৷ হিমাৰ পিতৃ-মাতৃক গামোচা আৰু জাপিৰে সম্বৰ্ধনা যাচে অসম অলিম্পিক সন্থা আৰু অসম এথলেটিকছ সন্থাই৷

উল্লেখ্য যে, অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰে অসম কন্যা হিমা দাসে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ মধ্য অসমৰ নগাঁৱৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অসমৰ দৌৰৰ ৰাণী হিমা দাসে৷ 

ইয়াৰ পূৰ্বে জুনিয়ৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছিল নীৰাজ চোপৰাই৷ অৱশ্যে সেয়া সফলতা আহিছিল জেভলিন থ্ৰত৷ ইয়াৰ বিপৰীতে ব্ৰঞ্জ জয় কৰিছিল সীমা পুনিয়া আৰু নৱজ্যোৎ সিঙে৷ কিন্তু ট্ৰেক ইভেণ্টত ভাৰতৰ কোনো এগৰাকী খেলুৱৈয়ে সুদীৰ্ঘ কাল ধৰি হিমাৰ দৰে সফলতা কঢ়িয়াবলৈ সক্ষম হোৱা নাছিল৷ এয়াই প্ৰথম সোণৰ পদক আজুৰি আনিলে হিমাই আৰু ৰছনা কৰিলে এক ইতিহাস৷ 

যাৰ ফলশ্ৰুতিত দৌৰৰ ৪০০ মিটাৰত দেশৰ ১ নং খেলুৱৈ হৈ পৰিল হিমা৷ ১৯ বছৰীয়া অসম কন্যা হিমাই প্ৰশিক্ষক নিপন দাসৰ চেষ্টাত এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ আনকি ভাৰতীয় এথলিটৰ নতুন তাৰকা হিমাই যে স্বৰ্ণ লাভ কৰিব সেই কথা কোনেও ভাবিব পৰা নাছিল৷ এতিয়া সেয়ে সকলোয়ে বাট চাই ৰৈছে এছিয়ান গেমছলৈ৷ য’ত নেকি হিমাই দেখুৱাব নিজৰ যাদু৷