
কোকৰাঝাৰঃ একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অবিহনে কোনো সমাজ, দেশ বা ৰাষ্ট্ৰই অগ্ৰগতি লাভ কৰিব নোৱাৰে। কোনো কাৰণতে কোনো ব্যাক্তিয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অৱিহনে জীৱনত সফলতা লাভ কৰিব নোৱাৰে। বৈজ্ঞানিক চিন্তাধাৰাক উদ্ধুব্ধ কৰি জীৱন যাত্ৰাক সফল কৰি তুলিব লাগিব।
এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমুন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোকৰাঝাৰত যোৱা ২৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ শনিবাৰে অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য প্ৰকাশ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰো যথোচিত গুৰুত্ব দি আহিছে বুলি মন্তব্য কৰে।

সোণোৱালে শ্ৰেষ্ঠ সমাজ গঢ় দিবলৈ হ'লে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অপৰিহাৰ্যতাৰ বিষয়ে সদৰি কৰি উন্নত ব্যক্তিত্বৰ অধিকাৰী আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য আগবঢ়ায়।
ঐতিহ্যমণ্ডিত কোকৰাঝাৰ সদৰ চহৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক গোটৰ সমাৰোহৰ দ্বাৰাই শিশুসকলক বিজ্ঞানৰ প্ৰতি ধাউতি বঢ়াব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা, যাতায়ত ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ বাবে এলানি কাৰ্যসূচী হাতত লৈছে বুলি সদৰি কৰে।

নতুন প্ৰজন্মক উন্নত যাতায়ত আৰু যোগাযোগ ব্যৱস্থা দিবই লাগিব বুলি মন্তব্যৰে এই সকলোবোৰ ব্যৱস্থা পৰিপূৰ্ণ কৰাৰ বাবে শান্তিৰ পৰিৱেশ নিত্যান্তই প্ৰয়োজন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শান্তি অৱিহনে সমন্বয় সম্ভৱ নহয়, সমন্বয় অবিহনে ভাতৃত্ববোধ শক্তিশালী নহয় আৰু ভাতৃত্ববোধ শক্তিশালী নহলে ঐক্য সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছে।
ইফালে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ পাঁচলাখ দিব্যাংগক এককালিনভাৱে পাঁচহাজাৰ টকাকৈ দিয়া হব বুলি ঘোষণা কৰি অহা বৰ্ষৰ পৰা দিব্যাংগসকল প্ৰতিমাহে এক হাজাৰ টকাকৈ দিয়া হব বুলি ঘোষণা কৰে।

তদুপৰি কোকৰাঝাৰ চহৰক বিজ্ঞান নগৰী আৰু স্মাৰ্ট চিটি হিচাপে গঢ় দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব বুলি সদৰি কৰি কোকৰাঝাৰত শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়ো স্থাপন কৰাৰ লগতে ভাৰত-ভূটানৰ সীমান্তবৰ্তী এলেকাৰে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাক সাঙুৰি ২৯৪ কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰা হ’ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে।
কোকৰাঝাৰত নিৰ্মিয়মান প্লেনেটৰিয়াম অতি শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈও মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত শিশুসকলক ফেচবুক, টুইটাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বনৰ আহ্বান জনাই এইক্ষেত্ৰত অভিভাৱকসকলক চোকা নজৰ দিবলৈ আহ্বান জনাইছে।

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক গোটৰ সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহন কৰি নিজৰ স্বভাৱসুলভ ভাষণত কোকৰাঝাৰ বুলি কলেই ৰাজ্যৰ আন ঠাইৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে ভয় খায় যদিও সেই ধাৰণা যে এতিয়া ভুল সেয়া প্ৰমানিত হৈছে।
কোকৰাঝাৰত অনুষ্ঠিত হোৱা শিশু বিজ্ঞান সমাৰোহে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিছে বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ সফল কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ অন্তিম দিনৰ কাৰ্যসূচীত আদৰণি ভাষণ পাঠ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে।

অনুষ্ঠানত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, ঢেকীয়াজুলী সমষ্টিৰ বিধায়ক অশোক সিংঘাল, বিজেপিৰ সংখ্যালঘু কোষৰ অধ্যক্ষ মমিনুল আৱাল, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সঞ্চালক ড০ অৰূপ কুমাৰ মিশ্ৰ আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে।
উল্লেখ্য যে যোৱা ২৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত ৩৩ খন জিলাৰ পৰা শিশু বিজ্ঞানীসকলে ২৫১টা প্ৰকল্প উপস্থাপন কৰিছিল। ২৫১টা প্ৰকল্পৰ পৰা ২৬টা প্ৰকল্প বিচাৰকে শ্ৰেষ্ঠ বুলি নিৰ্বাচিত কৰে।

গুজৰাটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত উক্ত ২৬টা প্ৰকল্প উপস্থাপন কৰা হ’ব বুলি ৰাজ্যিক শিশু বিজ্ঞান শাখাৰ সঞ্চালকে সদৰি কৰিছে।
কাৰ্যসূচীতে খগেন্দ্ৰ নাথ ব্ৰহ্ম ৰাজ্যিক শিশু বিজ্ঞানীৰ শ্ৰেষ্ঠ বঁটা নলবাৰীৰ ৰিমঝীম দাস আৰু ড০ অবনী চন্দ্ৰ গোস্মামী ৰাজ্যিক শিশু বিজ্ঞানীৰ শ্ৰেষ্ঠ বঁটা চৰাইদেউৰ ত্ৰিদিপ তপোবৰ ফুকনক মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে প্ৰদান কৰে। ইয়াৰোপৰি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক গোটৰ প্ৰতিষ্ঠাপক ড০ অশ্বিনী কুমাৰ বৰুৱাকো মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়।