
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া চহৰৰ সমীপৰ বালিসত্ৰত বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বান্দ সোনোৱালে ঐতিহাসিক বালিসত্ৰ সৎ-সংগী সত্ৰৰ বিগ্ৰহ পূজনস্থলী মাঙ্গলিক অনুষ্ঠানৰে দুৱাৰ মুকলি কৰে। দুৱাৰ মুকলি অনুষ্ঠানৰ পিচতে মুখ্যমন্ত্ৰীগৰকীয়ে সত্ৰ চৌহদত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰে। স্থানীয় সমাজ কৰ্মী পিনক কলিতাই পৰিচালনা কৰা সভাখনত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই বালিসত্ৰ অঞ্চলৰ সমস্যসমূহ ভাষণৰ জৰিয়তে মুখ্যমন্ত্ৰীক অৱগত কৰে।
সভাত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰদান কৰি আমাৰ চিন্তা, আমাৰ কাম সকলো সুন্দৰ হ’ব লাগিব বুলি কয়। গুৰুজনাই অসমীয়া জাতিক বহু শক্তিশালী কৰি থৈ গৈছে। সকলো নিষ্ঠা আৰু শ্ৰদ্ধা সহকাৰে কাম কৰিলে তেতিয়া হলে নিশ্চয় সফলতা পোৱা যাব। সফলতাৰ কোনো চমু পথ নাই বুলিও কয় সোণোৱালে। মানুহে মানুহৰ বাবে কাম কৰি গলে বিফলতা নাহে। আমি সকলোৱে কঠোৰ পৰিশ্ৰমত মগ্ন হ’ব লাগিব। অসমখনক একত্ৰিত কৰিব লাগিলে আমি সকলোৱে সজাগ দৃষ্টিৰে জাতী-ধৰ্ম নিৰ্বিশেষে একত্ৰিত হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আনহাতে বালিসত্ৰ সৎ সংগী সত্ৰ চৌহদত প্ৰাক্তন সত্ৰাধিকাৰ বৃন্দাবন গোস্বামীৰ স্মৃতিত স্থাপন কৰিবলগা প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। সভাৰ অন্তত সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপন দিয়াৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে অধিক গুৰুত্ব দি চিন্তা চৰ্চা কৰিছে। সাংবাদিকে ৰঙিয়া এপলমিল সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বিষয়টো এৰাই চলি সংস্থাপনৰ বিষয়টোহে পুনৰ বাৰ উল্লেখ কৰে।
অনুষ্ঠানটোত হাজো সমষ্টিৰ বিধায়কাগৰাকীৰ লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, মুক্তিযোদ্ধা কৃষ্ণ লহকৰ, পৰ্যটন বিভাগৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, সমাজ সেৱক ৰাতুল শৰ্মা, এআইডিচি জিতু তালুকদাৰ উপস্থিত থাকে।