সমন্বয় দিৱসত মুখ্যমন্ত্ৰী, ইছমাইলক ডেকা গিৰি’ বঁটা

লংকাঃ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত বৃহস্পতিৃবাৰে দিনৰ প্ৰায় ২ বজাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ শ্ৰী মন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ যৌথ উদ্যোগত শংকৰদেৱ নগৰত অনুষ্ঠিত সমন্বয় দিৱসত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পোন প্ৰথমে সুধাকন্ঠ ড০ ভূপেন হাজৰকাৰ প্ৰতিমুৰ্তি উন্মোচন কৰাৰ লগতে ভূপেন হাজৰিকাৰ ক্ষুদ্ৰ সংগ্ৰহালয় মুকলি কৰে৷

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এক মুকলি সভাত অংশগ্ৰহণ কৰে৷ মুকলি সভাত মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণী জনাই ৰাইজে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত পোন প্ৰথমে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে৷ তেও কয় "সমন্বয় আছে ভূপেন হাজৰিকাৰ বাৰ্তাত৷ ভূপেন হাজৰিকাই গীতৰ মাজেৰে সমন্বয়ৰ এনাজৰী বান্ধিছিল৷" আনহাতে ধৰ্মৰ নামত জাতিৰ নামত যি বিভেদ সৃষ্টি কৰিছে সেইসকলক তীব্ৰ সমালোচনা কৰে সোণোৱালে৷

যত সমন্বয় থাকে তাতেই আনন্দ থাকে৷ সমন্বয়ৰ বাৰ্তা আমি হৃদয়সংগম কৰিব লাগিব বুলি কৈ কৰ্ম সংস্কৃতি অবিহনে কোনো সংস্কৃতি হ’ব নোৱাৰে বুলি কয়৷ ইফালে, আজিৰ অনুষ্ঠানতেই জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতীৰ বিশ্ব বন্ধু আৰু ৰামধেনুৰ ৰং বিচাৰী নামৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়৷ এই অনুষ্ঠানতেই ২০১৭ চনৰ ডেকাগিৰী বঁটাপ্ৰাপ্ত ইছমাইল আলিকো মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ভাৱে সম্বৰ্ধনা জনায়৷ সভাত হোজাই আৰু লামডিং সমষ্টিৰ দুই বিধায়ক ক্ৰমে শিলাদিত্য দেৱ, শিবু মিশ্ৰ, হোজাইৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং উপস্থিত থাকে৷