ড০ বাণীকান্ত কাকতিৰ জন্ম জয়ন্তীত মুখ্যমন্ত্ৰী সোণোৱাল, মানুহৰ আস্থা বুটলিবলৈ নিষ্ঠাৰে যাত্ৰা কৰিব লাগিব

ভেল্লাঃ অসমীয়া ভাষাক যুক্তিনিষ্ঠ ভাবে আগবঢ়াই নিয়াত ড০ বাণীকান্ত কাকতিয়ে আগৰণুৱা ভূমিকা পালন কৰিছিল। অসমীয়া জাতিয়ে অসমীয়াৰ স্বাভিমান বুটলিবলৈ সক্ষম হৈছে বাণীকান্ত কাকতিৰ বাণী, সৃষ্টিৰ জৰিয়তে''- এই বক্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বুধবাৰে ভাষাবিদ, সাহিত্যিক মন ড০ বাণীকান্ত কাকতিৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বাতিকুৰিহা হাইস্কুল প্ৰাংগনত উদযাপন কৰা মুকলি সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে আৰু কয়, মানৱ সমাজক জ্ঞানৰ পোহৰ দিবলৈ সক্ষম হবলৈ, মানুহ, সমাজ তথা বিশ্বৰ আস্থা বুটলিবলৈ হলে নিষ্ঠাৰে যাত্ৰা অব্যাহত ৰাখিব লাগিব। মহাপুৰুষ সকলক কৰ্ম ত্যাগক সুৱৰি নিজকে শক্তিশালী কৰিব পৰা যায়।

মহাপুৰুষ সকলৰ কৰ্ম, চিন্তা, চৰিত্ৰত থকা একাগ্ৰতা, সততা, নিষ্ঠা আন্তৰিকতা আমাৰ কৰ্মপথত যদি স্বতঃস্ফুতভাৱে পৰিস্ফুট কৰিব পাৰো বিশ্বই আমাক মানৱ সম্পদ হিচাপে আকোৱালি লব। সুগৌৰৱেৰে জীৱনৰ পৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰত যি সকল মহান মনিষীৰ অৱদান আছে সেইসকলৰ ভিতৰত অন্যতম বাণীকান্ত কাকতিও এগৰাকী। যুক্তিনিষ্ঠ ভাৱে অসমীয়া ভাষা সাহিত্যক প্ৰতিষ্ঠা কৰি গৈছে। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে মানুহ, সমাজ তথা বিশ্বৰ আস্থা বুটলিবলৈ সক্ষম হয়। জীৱনৰ বাটত হতাশ নহবলৈ আহ্বান। বাণীকান্ত কাকতিৰ একাগ্ৰতা আৰু নিষ্ঠাৰ বাবে নিজকে প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছিল। অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ্মই সাধনা কৰ্তব্যই ভগৱান বুলিও কয়।

যত পৰিস্কাৰ, সততা থাকে তাতে ভগৱান থাকে। জাতিক জ্ঞানৰ পোহৰ, ভক্তিৰ অনুভুতি দিবলৈ সক্ষম হোৱাৰ ক্ষেত্ৰত বাণীকান্ত কাকতিৰ অৱদান যথেষ্ট আছে। অতিতৰ সমাজ বহুত শক্তিশালী আছিল। আওকাণ কৰা বাবে সথিক পথ বিচাৰি নাপায়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত ভাষণ ৰাখি কয় যে প্ৰকৃত ভাৰতীয় নাগৰিক হলে হিন্দু, মুছলমান লৈ কোনো কথা নাই। সকলোৰে নাম নাগৰিকপঞ্জীত সন্নিৱিষ্ট হব। আৰু যদি কিবা কাৰণবশতঃ প্ৰকৃত ভাৰতীয়ৰ নাম সন্নিৱিষ্ট নহয় তেন্তে পুনৰ সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত চৰকাৰে সম্পুৰ্ণ সহযোগ কৰিব।

কোনো অবৈধ নাগৰিকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহয় বুলি কোৱাৰ লগতে নাগৰিকপঞ্জী উন্নীতকৰণত বিধি পথালি দিয়া ব্যক্তিক দেশৰ শত্ৰু বুলি গণ্য কৰা হ’ব বুলি ঘোষণা কৰে। ইপিনে এখন সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰত শিক্ষকৰ দ্বায়িত্ব অধিক বুলি কৈ শিক্ষকসকলক মাতৃ-পিতৃৰ ভুমিকা লবলৈ আহ্বান জনায়। ড০ বাণীকান্ত কাকতিৰ আদৰ্শৰে আগবাঢ়ি গলে এখন শান্তিময়, সুস্থিৰ সমাজ আশা কৰিব পাৰি বুলি কয়। দুৰ্নীতিৰ বিৰুদ্ধে বক্তব্য ৰাখি তেওঁ কয় যে সমাজত দুৰ্নীতি বন্ধ কৰিবলৈ হলে দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় কয় যে সুশাসন ব্যৱস্থা শক্তিশালী হলেহে সমাজত প্ৰতিগৰাকী ব্যক্তিয়ে শান্তিৰে জীয়া থাকিব পাৰিব।

পৰিশ্ৰম অবিহনে ৰাতিৰ ভিতৰতে বিশাল সম্পত্তিৰ গৰাকী হোৱা মানুহে শান্তিৰে জীয়াই থকাৰ প্ৰৱণতা হেৰুৱাইছে। এখন দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ যাওঁতে চৰকাৰে যাতে বেয়া কাম কৰিব নোৱাৰে তাৰ ওপৰত ৰাইজে চোকা দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে। সভাৰ শেষত বাতিকুৰিহা গাঁৱত বাণীকান্ত কাকতিৰ স্মৃতি যুগমীয়া কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হ’ব বুলি কয় সোণোৱালে। সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, জিলা সভাপতি, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে বিজেপিৰ জিলা সভাপতি, সম্পাদক সহ কৰ্মকৰ্তাৰ লগতে প্ৰায় ৫ সহস্ৰাধিক লোক উপস্থিত থাকে। বৰবিলাত উপস্থিত হৈ শ্ৰী শ্ৰী পখলা গোসাঁইদেৱৰ আশিষ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।