
আজাৰাঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ত হৈ পৰিছে ৰাজ্যৰ-শাসক বিৰোধী ৰাজনৈতিক দল৷ ৰাজনৈতিক দল সমূহে ভিন্ন প্ৰান্তত সবা-সমিতি অনুষ্ঠিত কৰি জিলা-ব্লক-মণ্ডল সমিতি গঠন কৰি নিজ নিজ দলক শক্তিশালি কৰিবলৈ উঠিপৰি লাগিছে৷
তাৰ মাজতে শাসকীয় দল বিজেপি দলেও পিছ পৰি থকা নাই৷ বিভিন্ন ঠাইত খোদ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিয়ে বিভিন্ন ঠাইত সভা সমিতি কৰি থকাৰ মাজতে দলটোৰ মহিলা কেডাৰসকলক শক্তি শালি কৰাৰ বাবে আজিৰে পৰা মহিলা নেত্ৰী সকলৰ সভা অনুষ্ঠিত কৰিছে৷
বিজেপিৰ মহিলা মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক তথা মহিলা সমাবেশ আজিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে মহানগৰীৰ সমীপৰ আজাৰাস্থিত এছআইআৰএডিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ বিজেপিৰ মহিলা মৰ্চাৰ কৰ্মকৰ্ত্তা সকলে অংশগ্ৰহণ কৰে।
মঙলবাৰে সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি বিজেপিৰ দলটোক অধিক শক্তিশালী কৰিবলৈ মহিলাসকলক উদ্দেশ্যে ভাষণ আগবঢ়ায়৷ আগন্তুক দিনত দলটোৰ হৈ নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়াৰ লগতে বিজেপিৰ বহু নেতা-কৰ্মী উপস্থিত থাকে৷
মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে মুখামুখী হৈ NRC প্ৰস্তুত কৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাম কৰিম বুলি কয়।