‘দৰিদ্ৰ মহিলাৰ চকুপানীৰ প্ৰতিদান প্ৰধান মন্ত্ৰী উজলা যোজনা’ -মুখ্যমন্ত্ৰী সোণোৱাল

ডিফুঃ "ভাৰত বৰ্ষৰ দৰিদ্ৰ মহিলা সকলৰ চৌকাত ভাত ৰান্ধি ওলোৱা চকু পানীৰ প্ৰতিদান জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উজলা যোজনা৷ এই যোজনাৰ যোগেদি মহিলা সকলে পালে উচ্চ সন্মান"৷ -আজি কাৰ্বি আংলং জিলাত প্ৰধান মন্ত্ৰী উজলা যোজনাৰ ডিফু প্ৰয়াত জয়চিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত হিতাধিকাৰী সকলৰ মাজত এলপিজি চিলিণ্ডাৰ বিতৰণ কৰি দিয়া ভাষণত এই মন্তব্য কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ 

আজি পুৱা ১১- ৪৫ বজাত নিৰ্দিষ্ট সময়তকৈ পলমকৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিধায়ক চুম ৰংহাঙ, ড০ মানচিং ৰংপি, ড০ নোমল মমিন, জয়ৰাম ইংলেঙ, আৰু শিবু মিশ্ৰা৷ ভাষণত মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰচূৰ প্ৰাকৃতিক সম্পদৰে ভৰপুৰ বাৰেৰহণীয়া কলা-কৃষ্টি আৰু সংস্কৃতিৰে ঐশ্বৰ্যশালী তিনি পাৰ্বত্য জিলা অসমৰ লগতে ভাৰতৰ গৌৰৱৰ থল বুলি ব্যক্ত কৰে৷ সেয়ে এই জিলা সমূহক অইন জিলা সমূহৰ দৰে সম গুৰুত্ব দিয়াৰ লগতে অগ্ৰাধিকাৰৰ ভিত্তিত জিলা তিনিখনত উন্নয়ণৰ ধাৰা ক্ষীপ্ৰ কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ 

ৰাইজক চৰকাৰৰ প্ৰতিটো উন্নয়ণ মূলক কামৰ প্ৰতি চোকা দৃষ্টি ৰাখি ক্ৰুটি সমূহ আঙুলিয়াই দিবলৈ আহ্বান জনোৱাৰ লগতে জনপ্ৰতিনিধি সকলক দৃঢ়তা আৰ নিষ্ঠাৰে কাম কৰিবলৈ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাইজৰ দুখ উপলব্ধি কৰিব নোৱাৰাত জিলা খনৰ উন্নয়ণৰ ধন ব্যৱহাৰ নকৰাকৈ উভতি গৈছিল বুলি পূৰ্ব চৰকাৰক পাকে প্ৰকাৰে কটাক্ষ কৰে সৰ্বানন্দ সোণোৱালে৷ জিলাখনৰ শৈক্ষিক দিশত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া বিশেষ পেকেজেৰ সহায়ত বাট-পথসমূহ নিৰ্মাণ কৰা হ'ব বুলি সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰে৷ 

আনহাতে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ কয় যে, পাহাৰীয়া ৰাইজৰ প্ৰতি থকা মৰম-চেনেহৰ বাবে মুখ্যমন্ত্ৰীগৰাকী বাৰে বাৰে কাৰ্বি আংলঙলৈ আহিছে৷ ইয়াৰ বিপৰীত পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বাৰে বাৰে পৰিষদৰ পৰা আমন্ত্ৰণ পায়ো কাৰ্বি আংলং ভ্ৰমণত নানা অজুহাত দেখুৱাই এৰাই চলিছিল বুলি অভিযোগ আনে৷ 

ইফালে নাগা ফ্ৰেমৱৰ্ক এগ্ৰীমেণ্টে অসমত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে৷