দোষীক আটকৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান অসম আৰক্ষীৰ

newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ চাৰিওফালে এতিয়া সোপাধৰাৰ ভুৱা বাতৰি প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত কেইবাজনো লোক স্থানীয় ৰাইজৰ হাতত আহত আৰু নিহত হ’বলগীয়া পৰিস্থিতৰ সৃষ্টি হৈছে৷

শেহতীয়াকৈ শুকুৰবাৰে নিশাৰ ভাগত কাৰ্বি আংলঙৰ পাঞ্জুৰী গাঁৱত একাংশ স্থানীয় লোকৰ হাতত নিহত হয় গুৱাহাটীৰ বাসিন্দা নিলোৎপল দাস আৰু অভিজিত নাথ নামৰ যুৱক দুজন৷ এই ঘটনাই অসমীয়াৰ নিৰ্মমতাৰ পৰিচয় দিছে বুলিও বিভিন্নজনে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে৷ 

আনহাতে অসমৰ মাটিত দুগৰাকী অসমীয়া যুৱকক এনেদৰে নিৰ্মম ভাৱে মাৰি পেলোৱা কাণ্ডই ৰাজ্য জুৰি শোকৰ বন্যা বোৱাইছে৷ ঘটনাৰ সৈতে জৰিত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ বিভিন্নজনে দাবী জনোৱা পৰিলক্ষিত হৈছে৷

ঘটনা সন্দৰ্ভত আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই আৰক্ষীৰ ভূমিকা স্পষ্ট কৰে৷ ছচিয়েল মাধ্যমে সোপাধৰাৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰা বুলি মন্তব্য কৰি ৰাজ্যবায়ীক তেনে বাতৰিত ভোল নাযাবলৈ আহ্বান জনাই কুলধৰ শইকীয়াই৷ 

অপ্ৰতীকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা যেন পালেই স্থানীয় আৰক্ষীক খবৰ দিবলৈও আহ্বান জনাই আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে৷ কাৰ্বি আংলঙৰ ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছে বুলিও জানিবলৈ দিয়ে শইকীয়াই৷

আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাৰ্বি পাহাৰত সৌন্দৰ্য বিচাৰি গৈ দুজন যুৱকে মৃত্যক আঁকোৱালি লোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্ত কৰি সোনকালে দোষীক আটক কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে৷

উল্লেখ্য যে, পেছাত চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে গোৱাত কৰ্মৰত নিলোৎপল দাসে বন্ধু অভিজিত নাথৰ সৈতে কাৰ্বি আংলঙ ফুৰিবলৈ আহিছিল৷ শিল্পী মনৰ নিলোৎপলৰ দীঘল চুলি আৰু তেওঁলোকৰ পকেটত চকলেট থকা বাবে পাঞ্জুৰী গাঁৱৰ একাংশ বৰ্বৰ লোকে দুই বন্ধুক নিৰ্মম ভাৱে প্ৰহাৰ কৰে৷ যাৰ ফলত নিলোৎপল আৰু অভিজিত নামৰ যুৱক দুজনে মৃত্যুক আঁকোৱালি লয়৷ 

আনহাতে ঘটনাৰ ভাইৰেল ভিডিঅ’ত দেখা পোৱা মতে নিলোৎপল দাসে ‘আমি অসমীয়া, গুৱাহাটীৰ ল’ৰা’ বুলি নিজৰ পিতৃ-মাতৃৰ নাম কৈ পৰিচয় দিয়া সত্বেও সোপাধৰা বুলি এংকাশ লোকে মৰিয়াই হত্যা কৰে ৷