নগাঁওত যোগ দিৱস, অংশ ল’লে সোণোৱাল, হিমন্ত, প্ৰফুল্ল, আঙুৰলতাই

newsnextone.com | নগাঁওঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ২১ জুন তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হয়৷ এটি সুস্থ আৰু সবল শৰীৰ আৰু মনৰ অধিকাৰী হ’বলৈ যোগ সাধনা নিতান্তই প্ৰয়োজনীয়৷ এই কথা উপলব্ধি কৰিয়েই সমগ্ৰ বিশ্বত যাতে সুস্থ আৰু সবল মন, শৰীৰ বৃদ্ধি পায় তাৰ বাবেই প্ৰতিবছৰৰ ২১ জুন তাৰিখত বিশ্ব যোগ দিৱস উদযাপন কৰা হয়৷

সমগ্ৰ দেশৰ লগতে আজি অসমতো উলহ-মালহেৰে যোগ দিৱস পালন কৰা পৰিলক্ষিত হয়৷ নৰেন্দ্ৰ মোডীৰ প্ৰয়াসত যোগ সাধনাই প্ৰসাৰ লাভ কৰাৰ পিছত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-মন্ত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷ 

নগাঁও জিলাত অায়োজিত যোগ দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অংশগ্ৰহণ কৰে৷  

যোগ সাধনাই শৰীৰ আৰু মন সুস্থ কৰি ৰাখে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো লোককে যোগ সাধনা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷ মোডীৰ সুৰত সুৰ মিলাই সোণোৱালে কয় যে, সুস্থ মন, সুস্থ শৰীৰেহে দেশৰ সুস্থ বিকাশ কৰিব সাধন কৰে৷