
নলবাৰীঃ ৰাজ্যৰ ভিতৰতে অন্যতম নলবাৰীৰ ৰাস মহোৎসৱ শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিব৷ নলবাৰী চহৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৮৪সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ ৩ নৱেমেবৰৰ পৰা ১৫ নৱেম্বৰলৈ ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব এইবেলি নলবাৰীৰ ৰাস৷
উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা, সম্পাদক মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মনে জানিবলৈ দিয়া মতে, শুকুৰবাৰে আবেলি নলবাৰী গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিক আদৰি অনা হ’ব ৰাস মহোৎসৱস্থলিলৈ৷
ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰিবলগীয়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, নিৰ্দিষ্ট বক্তা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা উপস্থিত থাকিব। অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
ৰাস মহোৎসৱ উদ্বোধন কৰাৰ পিছতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক দেৱপ্ৰসাদ মিশ্ৰই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে কন্ঠ শিল্পী সুবাসনা দত্ত উপস্থিত থাকিব। ৪ নৱেম্বৰত গ্ৰন্থ মেলা, ৫, ৬, ৭ নৱেম্বৰত নাগাৰা নাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ৮, ৯ নৱেম্বৰত ঢুলীয়া প্ৰতিযোগিতা, অনুষ্ঠিত হ’ব। ৰাস মহোৎসৱ উপলক্ষে ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। ১৫ নৱেম্বৰৰ সামৰণি অনুষ্ঠানৰ নিশা সাংস্কৃতিক অনুষ্ঠানৰত কন্ঠ শিল্পী বাবু, আৰোহণ বৰদলৈ আৰু মধুস্মিতা শইকীয়াি সংগীত পৰিবেশন কৰিব৷