মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে মঙলদৈৰ ৰাস মহোৎসৱ

মঙলদৈঃ প্ৰায় এমাহ জোৰা প্ৰস্তুতিৰ অন্তত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল ৰাস মহোৎসৱ৷ শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত দৰং জিলাৰ প্ৰাণ কেন্দ্ৰ মঙলদৈতো ৰাস মহোৎসৱ আৰম্ভ হয়৷ যাৰ বাবে শুকুৰবাৰে লোকে লোকাৰণ্য হৈ পৰে মঙলদৈ৷

আৱাল, বৃদ্ধ বনিতা, ডেকাই সাজি-কাজি ওলাই আহে ৰাস মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ৷ বিহু নৃত্য, খেৰাই নৃত্য আয়তীৰ নামৰ লগতে গায়ন-বায়নে জীপাল কৰি তোলে মঙলদৈ চহৰক৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলদৈৰ এতিহ্যমণ্ডিত ৰাস মহোৎসৱ উদ্ধোধন কৰিবলৈ দুপৰীয়া উপস্থিত হয়৷

দৰং জিলাৰ মঙলদৈৰ সনাতন ধৰ্ম সভাস্থলীত ৩৮ তম শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। মঙলদৈ ৰাস মহোৎসৱ স্থলীৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মঙলদৈ চহৰৰ মাজেৰে বিভিন্ন দৰঙী কলা কৃষ্টিৰে উৎসৱ মুখৰ পৰিবশৰ সৃষ্টি হয়৷

গায়ন বায়ন, আয়তীৰ নাম, বিহু নৃত্য, ঢেপা ধুলীয়া, বড়োনৃত্য, ওঁজাপালিৰ বৰ্ণিল সমাহাৰেৰ মঙলদৈ ৰাজপথ উজলি উঠে৷ প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰীয়ে মঙলদৈ ৰাস মহোৎসৱ শুভৰাম্ভনি কৰে দৰং জিলাত৷ মুখ্যমন্ত্ৰী সোণোৱালে মঙলদৈৰ ৰাস উদ্ধোধন কৰি আধ্যাত্মিক জ্ঞানৰ জৰিয়তে সমাজত ভাল কথাৰ চিন্তাৰে নতুন দিগন্তৰ সুচনা কৰিব লাগিব বুলি কয়৷ অসমৰ পৰিবৰ্তন আহিব বুলিও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে মঙলদৈৰ সাংসদ ৰমেন ডেকা, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যেতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই৷