
newsnextone.com | গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীয়ে পুনৰাই জনগণৰ কাষ চাপিবৰ বাবে আৰম্ভ কৰিছে ৰণকৌশল৷ শত্ৰু-মিত্ৰু সকলোৰে ওচৰ চাপিবৰ বাবে আৰম্ভ কৰিছে অভিযান৷ শাসকীয় বিজেপিয়ে ভোট লাভৰ স্বাৰ্থত সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ কৰিছে ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ শীৰ্ষক জনসম্পৰ্কীয় এক অভিযান৷
শাসকীয় বিজেপিয়ে নিৰ্বাচনৰ বাবে নতুন নীতি অৱলম্বন কৰি জোৰদাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ খোদ বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ অভিযানত নামি পৰি ব্যাপক হাৰত অভিযান চলাইছে৷ সমাজৰ বিভিন্ন দিশত প্ৰভাৱশালী লোকসকলক সাক্ষাৎ কৰি বিজেপিৰ নেতা-কৰ্মীসকল ঘৰে ঘৰে যোৱা পৰিলক্ষিত হৈছে৷ যাৰ দ্বাৰা বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত সমৰ্থন আৰু সহযোগিতা আদায় কৰিব বিচাৰিছে দেশৰ প্ৰভৱশালী লোকৰ৷ সমানে সমানে পূৰ্বৰ আস্থা বাহাল ৰাখিব খুজিছে বিজেপিয়ে৷
বিজেপি ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে মুম্বাইত উপস্থিত হৈ হিন্দী ছবি জগতৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু স্বামী ডা০ শ্ৰীৰাম মাধৱ নেনে, সংগীতকাৰ লতা মংগেশকাৰ সাক্ষাৎ কৰে৷ আনহাতে বিজেপিৰ বিভিন্ন প্ৰকাৰৰ নেতা, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিসকলে দেশৰ বিভিন্ন দিশত প্ৰভাৱ থকা লোকসকলক সাক্ষাৎ কৰি ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ শীৰ্ষক আঁচনিৰ সৈতে জৰিত কৰিব বিচাৰিছে৷
অসম প্ৰদেশ বিজেপিও এই অভিযান অসমত আৰম্ভ কৰিছে৷ অসমত বিজেপিক সমৰ্থন কৰা বহু বিশেষ লোক আছে যদিও ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ শীৰ্ষক আঁচনিৰ বাবে পোন প্ৰথম অসমীয়া জাতিৰ বিবেক বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক বৃহস্পতিবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷
গুৱাহাটী মহানগৰীৰ চান্দমাৰিস্থিত ড০ হীৰেণ গোঁহাইৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ লক্ষ্য উদ্দেশ্যে সন্দৰ্ভৰ প্ৰচাৰ পত্ৰিকা প্ৰদান কৰে গোহাঁইৰ হাতত৷ বিজেপিৰ জনসম্পৰ্ক অভিযান তথা ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ যোঁজনাৰ অধিনত বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইক সাক্ষাৎ কৰাৰ পিছতে ৰাজ্যৰ ছচিয়েল মিডিয়াত একাংশ লোকে বিজেপিক আক্ৰমণ কৰাও পৰিলক্ষিত হৈছে৷ ৰাজ্যজুৰি বিজেপিয়ে এই জনসম্পৰ্ক অভিযান চলাব যদিও পোন প্ৰথমে ড০ হীৰেণ গোহাঁইক সক্ষাৎ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে৷
কিয়নো প্ৰাক্তন কংগ্ৰেছী বৰ্তমানৰ বিজেপি নেতা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৬ মাহৰ ভিতৰত বাৰে বাৰে আক্ৰমণ কৰি আহিছে হীৰেণ গোহাঁইক৷ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ উক্ত সভাত উপস্থিত আছিল বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই৷ সভাত উপস্থিত থকাৰ ফলত বিতৰ্কত সোমাই পৰিছিল হীৰেণ গোহাঁই৷
যোৱা বিধানসভা নিৰ্বাচনত অসমৰ বুদ্ধিজীৱী সমাজে ৰাইজত বিজেপিক ভোট নিদিবলৈ আহ্বান জনাইছিল৷ সেই বুদ্ধিজীৱীৰ মাজত এগৰাকী আছিল ড০ হীৰেণ গোহাঁই৷
তাৰ পিছৰে পৰা ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ৷ প্ৰথমাৱস্থাত এই প্ৰতিবাদ আৰম্ভ কৰিছিল অসমৰ বুদ্ধিজীৱী সমাজে৷ নেতৃত্বত আছিল বুদ্ধিজীৱী, ড০ হীৰেণ গোহাঁই, ড০ দীনেশ বৈশ্য আদিৰ দৰে লোকসকল৷ নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি বাৰে বাৰে মত প্ৰকাশ কৰা বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট বুদ্ধিজীৱীগৰাকীক আৰ্শ্বাদ মাদানিৰ এজেণ্ট আখ্যা দি আহিছে৷ বামপন্থী বুদ্ধিজীৱী বুলিও কৈ আহিছে৷
আনহাতে ছচিয়েল মিডিয়াত বিভিন্ন লোকে বিভিন্ন মত প্ৰকাশ কৰিছে৷ ড০ হীৰেন গোহাঁয়ে দিয়া পৰামৰ্শক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৰুত্বসহকাৰে লবলৈও আহ্বান জনাই একাংশ লোকে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী নতুবা আন কোনো লোকেই হওক জ্যেষ্ঠ লোকৰ ঘৰলৈ যোৱাটো জনসম্পৰ্ক ৰক্ষাই নহয় এয়া অসমীয়া জাতিৰ এক পৰম্পৰা বুলিও আখ্যা দিয়ে৷ আদৰ্শগত মিল নাথাকিলেও খোদ নিজ দলৰ মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতাই সকলো সময়তে তুচ্ছ-তাচ্ছিল্য কৰি অহা হীৰেণ গোহাঁইক সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰে৷ কোৱা বাহুল্য যে, বিশেষ্ট বুদ্ধিজীৱী গৰাকীক অনাহকতে ইতিকিং, তুচ্ছ-তাচ্ছিল্য কৰাসকলৰ বাবে এয়া এক শিক্ষা হোৱা উচিত৷