
লংকাঃ বৃহস্পতিবাৰে হোজাই জিলালৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ হোজাইৰ শংকৰদেৱ নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত সমন্বয় দিৱসত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীৰ আগমণৰ লগে লগে ব্যাপক ব্যস্ত হৈ পৰিছে শংকৰদেৱ নগৰৰ ৰাইজ৷ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্রৰ চৌহদত স্থাপন কৰা সুধাকণ্ঠৰ আৱক্ষ মূৰ্তিও উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিব ‘ডেকাগিৰি বঁটা’।