
newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ১২ কিল'মিটাৰ দূৰৈত অৱস্থিত বাগছাল চুবুৰী গাঁৱত দেওবাৰে নিশা উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। ঘটনাস্থলীত ওদালগুৰি আৰক্ষী তথা ধনশ্ৰী বন উপ-সংমণ্ডলৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈ গছৰ মুঢ়া এটাৰ ভিতৰত সোমাই থকা অৱস্থাৰ পৰা বহু প্ৰচেষ্টাৰ অন্তত স্থানীয় ৰাইজ তথা বনবিভাগে অজগৰডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ বিৱৰণী মতে, বাগছাল চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ পিছফালে অৱস্থিত আদিবাসী সম্প্ৰদায়ৰ পৰিয়াল এটাৰ সমীপৰে বৈ যোৱা নলাত অজগৰডাল স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি নিশা ওদালগুৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধনশ্ৰী বন উপ-সংমণ্ডলক জনোৱাত আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয়।
ইয়াৰ পাছত স্থানীয় লোকৰ সহযোগত বহু প্ৰচেষ্টাৰ অন্তত নিশা প্ৰায় ৯.৪০ বজাত বন বিভাগে অজগৰটো উদ্ধাৰ কৰে। অজগৰ উদ্ধাৰৰ বাতৰি বিয়পি পৰাৰ মূহুৰ্ততে অজগৰ প্ৰত্যক্ষ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় বহু লোক। লগে লগে বনবিভাগে উদ্ধাৰ হোৱা অজগৰটো এখন বেগৰ ভিতৰত সোমাই লয়। ৰাইজে নিশাৰ আন্ধাৰত অজগৰটো প্ৰতক্ষ্য কৰিব নোপোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অজগৰটো পোনে পোনে ধনশ্ৰী বন উপ-সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ আহে। নিশা অজগৰটি বন বিভাগৰ কাৰ্যালয়ত ৰাখি থয়। বনবিভাগৰ সূত্ৰে সাংবাদিকক জানিবলৈ দিয়া মতে, উদ্ধাৰ হোৱা অজগৰটোৰ দৈৰ্ঘ্য প্ৰায় ১৪ ফুট হোৱাৰ বিপৰীতে ইয়াৰ ওজন প্ৰায় ২১ কিল'গ্ৰাম। উদ্ধাৰ হোৱা অজগৰটোৰ স্বাস্থ্য পৰীক্ষা কৰি বৰনদ্দী সংৰক্ষিত বনাঞ্চলত সোমবাৰে এৰি দিয়ে বন বিভাগে।