
আমগুৰিঃ শূন্য সহনশীলতাৰ কথা কৈ অহা ৰাজ্য চৰকাৰ খনে এখন মহাবিদ্যালয়ত কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো আজিলৈ তদন্ত ঘোষণা নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত৷ জিলা খনৰ ঐতিহ্যমণ্ডিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷
বাৰে বাৰে ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও শিৱসাগৰ জিলা প্ৰশাসন, শিক্ষা বিভাগ, তথা চৰকাৰে তদন্ত ঘোষণা কৰিবলৈ আজিলৈ সাহস কৰা নাই৷ যোৱা ৩১ মাৰ্চত অধ্যক্ষ তথা মহাবিদ্যালয় কৰ্তপক্ষৰ বিৰুদ্ধে মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷
ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দল-সংগঠনে৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ এচ এচ জামানৰ বিদায় লোৱাৰ দিনটোতে আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে৷
তাৰ মাজতে বৃহস্পতিবাৰে পুৱাৰে পৰা এগৰাকী প্ৰাক্তন ছাত্ৰই আমৰণ অনশনত বহে৷ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ১ কোটি ২৯ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আমৰণ অনশনত বহে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে পুৱাৰে পৰা আমৰণ অনশনত বহে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷
ছাত্ৰ-ছাত্ৰীৰ ধাৰাবাহিক প্ৰতিবাদৰ মাজতে পুনৰ প্ৰতিবাদৰ জোৱাৰ উঠে নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ এচ এচ জামানৰ বিৰুদ্ধে। মহাবিদ্যালয়খনত সংঘটিত হোৱা বিত্তীয় খেলিমেলিৰ অভিযোগত নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষগৰাকীৰ অৱসৰৰ দিনাই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত বৃহস্পতিবাৰে পুণৰ প্ৰতিবাদত নামিল প্ৰাক্তন ছাত্ৰ।
মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ এচ এচ জামানৰ কাৰ্যকালত সংঘটিত বৃহৎ বিত্তীয় খেলিমেলিৰ ৰাজহুৱা খতিয়ান দাবী কৰি বৃহস্পতিবাৰৰ পুৱাৰে পৰা অকলে আমৰণ অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। অভিযোগ অনুসৰি বিশ্ববিদ্যালয়ৰ অনুদান অয়োগৰ নীতি নিৰ্দেশনা কলেজ কৰ্তৃপক্ষই উলংঘা কৰাৰ বাবে আয়োগে ইতিমধ্যে মহাবিদ্যালয়খনৰ সকলো ধৰণৰ অনুদান বন্ধ কৰি দিছে।
উল্লেখ্য যে, মহাবিদ্যালয়খনলৈ বিশ্ববিদ্যালয় অনুদান আয়োগে বিগত সময়ত নেহেৰু অধ্যয়ন কেন্দ্ৰৰ বাবদ ৯,২৫,০০০ টকা, ইউ জি চিৰ নেটৱৰ্ক সমল কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবদ ১,৬০,০০০ টকা, বুদ্ধ অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবদ, আম্বেদকাৰ অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবদ ৯,০০,০০০ টকা, শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবদ ৭,০০,০০০ টকা, এণ্টাৰপ্ৰিনিয়'ৰশ্বিপ প্ৰতিষ্ঠাৰ বাবদ ৩৪,০০,০০০টকা, ভ্ৰমণ আৰু প্ৰৰ্যটন ব্যৱস্থাপনাৰ বাবদ ৭,০০,০০০ টকা, মানৱ অধিকাৰ শিক্ষা প্ৰৱৰ্তনৰ বাবদ ২,৫০,০০০ টকাৰ অনুদান মঞ্জুৰ কৰিছিল যদিও মহাবিদ্যালয়খনত বহু কাম আধৰুৱা হৈ থকাৰ লগতে কেইটামান আঁচনিৰ চিন-চাব নাই বুলি অভিযোগ উত্থাপন কৰে দল-সংগঠনে।
মহাবিদ্যালয়খনৰ অনান্য উন্নয়নমূলক কামসমূহতো ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰে দল-সংগঠনে। মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিসমূহত দীৰ্ঘদিনে অধ্যক্ষৰ আসনত থকা আধ্যক্ষগৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন সময়ত ধাৰাবাহিক প্ৰতিবাদ কৰি অহাৰ পাছতো চৰকাৰে আজিলৈ তদন্ত ঘোষণা কৰাৰ সৎ সাহস নোহোৱাত আমৰণ অনশনত বহিব লগা হৈছে প্ৰাক্তন ছাত্ৰই।
একাংশ লোকে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰ খনে কাৰ খাতিৰ ৰক্ষা কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে৷ ১ কোটি ২৯ লাখ টকাৰ কেলেংকাৰীৰ তদন্ত ঘোষণা নকৰাৰ ৰহস্য কি বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাইজে৷