হহুৱাই হহুৱাই যাবৰ সময়ত কন্দুৱাই গ'ল

মঙলদৈঃ খাপলাং কাই আৰু নাই৷ খাপলাং কাই আৰু নাই বুলি কোৱা কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিলেও দেওবাৰে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গল তেওঁ অচিনা দেশলৈ৷ এতিয়া অচিন দেশৰ পৰা আমালৈ চাই থাকিব খাপলাং কাই৷ খাপলাং কাই গুচি গলেও তেওৰ অভিনয়ে প্ৰতিজন অসমীয়াৰ মাজত জীয়াই ৰাখিব তেওঁক। তেওৰ বিদায়ে অপূৰণীয় ক্ষতি কৰিলে অসমীয়া কৌতুক অভিনয়ৰ জগতখনক৷

ৰসিক খাপলাই কাই কৌতুক অভিনয় জগতৰ বাবে এটি পৰিচিত নাম হৈ পৰিছিল৷ খাপলাই কাইৰ চৰিত্ৰৰ বহু জনপ্ৰিয় আছিল৷ আজিও অসমৰ গাঁৱে-ভূঞে বহু যুৱকক ধেমালিতে খাপলাং কাই বুলি মতা দেখা যায়৷ মৃত্যুৰ পিছতো তেওঁৰ অভিনয় স্মৃতি হৈ ৰব অসমৰ বুকুত৷ খাপলাই কাই চৰিত্ৰত অভিনয় কৰি যোৱা কেবাটাও বছৰ ধৰি অসমৰ দৰ্শকক আমোদ দি অহা বিশিষ্ট অভিনেতা খাপলাং দেওবাৰে নিশা সচাকৈ আমাক এৰু গুচি গল।

দেওবাৰে নিশা ১২.১৫ বজাত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যুক আকোৱালি লয় জনপ্ৰিয় অভিনেতা ৰাহুল দাসে। সংগীত শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা ৰাহুল দাস পিছলৈ হৈ পৰে সকলোৰে আদৰৰ খাপলাং কাই। বুলবুল হুছেইনৰ লগত সংগীতত গীতাৰীষ্ট হিচাপে সংগীতৰ ক্ষেত্ৰত ভৰি দিছিল অভিনেতা জনে। পিছলৈ 'ঐ ৰহিলা' ভিচিডি খনত খাপলাঙৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰে সমগ্ৰ অসমতে। মৃত্যুৰ আগলৈকে ৰং চেনেল যোগে সম্প্ৰচাৰিত হৈ থকা ঐ খাপলাঙত মুখ্য চৰিত্ৰত অভিনয় কৰি আছিল ৰাহুল দাসে।

বৃহস্পতিবাৰে দৰং জিলাৰ নিজ ঘৰত হঠাৎ অসুস্থ হৈ পৰে তেও৷ মঙলদৈৰ বাসগৃহত হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালে ততাতৈয়াকৈ GNRCত ভৰ্তি কৰে৷ কিন্তু অৰ্থৰ অভাৱত পৰিয়ালৰ লোকে দেওবাৰে সংকটজনক অৱস্থাত GNRCৰ পৰা GMCHলৈ লৈ আহে তেওক৷ সংকটজনক অৱস্থাত অভিনেতাজনক নিশাই GMCH কৰ্তৃপক্ষই ICUৰ ৰাখে যদিও প্ৰায় ১২-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

অভিনেতাগৰাকীৰ মৃত্যুৱে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত শোকাকুল পৰিবেশৰ সৃষ্টি কৰে৷ মঙলদৈৰ কৰিমচক জ্যোতিনগৰত জন্ম লাভ কৰা খাপলাং কাইৰ প্ৰকৃত নাম ৰাহুল দাস। প্ৰথমে বৰলা কাই হিচাপে খ্যাত ৰাহুল দাস পিছত খাপলাং কাই চৰিত্ৰটোৰে জনপ্ৰিয় হৈ পৰে। খাপলাং কাই এগৰাকী অভিনেতাই নহয় লগতে আছিল গীতিকাৰ আৰু ভাল  গীতাৰীষ্ট। সংগীত সাধনা কৰি ভালপোৱা খাপলাং কাইয়ে এসময়ত কহিনুৰ থিয়েটাৰত ড্ৰাম বজাইছিল।

সোমবাৰে দিনৰ ১১.৩০ বজাত GMCHৰ পৰা  খাপলাং কাইৰ নশ্বৰদেহ ঘৰ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷ তেওৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে খাপলাং কাই ওৰফে ৰাহুল দাসৰ ঘৰ গুনমুগ্ধৰে ভৰি পৰে। শেষবাৰৰ বাবে এবাৰ মৰমৰ শিল্পীগৰকীক এবাৰ চোৱাৰ মন। মৃত্যুৰ সময়ত তেখেতে তিনি পুত্ৰ সন্তান কৈলাস বসুমতাৰী¸ সৰ্বেশ্বৰ বসুমতাৰী আৰু কপিল দাসক এৰি থৈ যায়।