যুৱ-পৰিষদৰ সমিতি গঠন

চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এখন সভা দেওবাৰে সোণাৰিত অনুষ্ঠিত হৈ যায়৷ সোণাৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে কেদাৰ মাহান্তীয়ে।

অৰ্ধ শতাধিক যুৱক উপস্থিত থকা সভা খনত গিৰিৰাজ গগৈ সভাপতি, মানস জ্যোতি বৰঠাকুৰ কাৰ্যকৰী সভাপতি, জাকিৰ আহমেদ সম্পাদক হিচাপে লৈ সোণাৰি আঞ্চলিক সমিতি গঠন কৰা হয়। সভাৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সন্দিপ প্ৰসাদ নেওগ আৰু নবিউল হুছেইনে।