যুৱ-ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতি গঠন

গোৰেশ্বৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ অন্তৰ্গত গোৰেশ্বৰ আঞ্চলিক সমিতিৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনখন এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ৩০ জুলাইত অনুষ্ঠিত হৈ যায়৷ বাক্সা জিলাৰ ১৪২নং গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি সীমান্ত বায়নে।

৯-৩০ বজাত শ্বহীদ তৰ্পন কৰে সমিতিৰ সাধাৰণ সম্পাদক ৰেজেকুদ্দিন আহমেদে। ১০ বজাত বৃক্ষ ৰোপণ কৰে বিদ্যালয়খনৰ সহঃ শিক্ষক বিশ্বজিৎ ডেকা আৰু বিশ্ব কুমাৰ ডেকাই। ১১ বজাত সীমান্ত বায়নৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্বোধন কৰে ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক ৱাহেদৰ ৰহমানে।

অধিৱেশনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জয়ন্ত ভণ্ডাৰ কায়স্থ, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিদ্যুৎ ডেকা, কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু যোগাযোগ সম্পাদক তৰুণ দাসৰ লগতে ৰঙিয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক মদন কুমাৰ প্ৰমুখ্যে কেবাজনো নেতাই।

সভাত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জয়ন্ত ভাণ্ডাৰ কায়স্থ আৰু সাংগঠনিক সম্পাদক বিদ্যুৎ ডেকাই সাংগঠনিক দিশৰ লগতে গোৰেশ্বৰ অঞ্চলৰ বহু সমস্যা সম্পৰ্কে বক্তব্য আগবঢ়ায়।

২০১৭-১৯ বৰ্ষৰ বাবে ৰেজেকুদ্দিন আহমেদক সভাপতি আৰু হিৰেন ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ ২৮ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়। সন্ধিয়া ৬ বজাত গোৰেশ্বৰ আঞ্চলিকৰ উপদেষ্টা সঞ্জীৱ ডেকা, বিত্তীয় সম্পাদক ৰাজীৱ হাজৰিকা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিৰ লগতে গোৰেশ্বৰ অঞ্চলৰ স্থানীয় সংবাদদাতাসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰাৰ অন্তত অধিৱেশনৰ সামৰণি পৰে৷