অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থাৰ অধিবেশন

Latest Kogi News
Latest Kogi News

তুলসীবাৰীঃ অসম ৰাজ্যিক প্ৰাদেশীকৃত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থাৰ ষষ্ঠ বাৰ্ষিক অধিবেশন পাঠশালাৰ বজালীত অনুষ্ঠিত হ’ব৷

বজালী জিলা সমিতি উদ্যোগত অহা ২৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব৷ পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া অধিবেশনত প্ৰতিখন জিলাৰ পৰা কমেও ১০গৰাকীকৈ প্ৰতিনিধিক ২৩ ডিচেম্বৰৰ আবেলি ৪ বজাৰ পূৰ্বে উপস্থিত হবলৈ সভাপতি কীৰ্তি কুমাৰ শৰ্মা আৰু সম্পাদক প্ৰধান নবীন শইকীয়াই এক বিবৃতি যোগে আহ্বান জনায়৷