
গুৱাহাটীঃ তাহানিৰ ৰেডিঅ’টোৰ স্মৃতি কোনে পাহৰিব পাৰে৷ বেটাৰি লগোৱা ৰেডিঅ’টো শুনিবলৈ আইতাৰ ওচৰত বহি চোতালত কল্পতৰু, গীতিমালিকাৰ কথা কোনো পাহৰিব পাৰে৷ কিন্তু ৰেডিঅ’ যেন লাহে লাহে পাহৰণি হ’ল৷ তথাপিও ৰেডিঅ’ৰ চৰ্চা আজিও অব্যাহত আছে৷ বিজ্ঞানৰ চমকপ্ৰদ আৱিস্কাৰে আজিও পুৰণি গণমাধ্যম ৰেডিঅ'ৰ জনপ্ৰিয়তা ম্লান কৰিব পৰা নাই বুলি কব খোজে গ্ৰাম্য সমাজে৷
ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ লগতে আকাশবানী ডিব্ৰুগড় কেন্দ্ৰ আৰু আকাশবানী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা আৰু পত্ৰ লেখকসকলৰ মাজত বন্ধুত্বৰ এনাজৰী গঢ়ি তোলাৰ উদ্দেশ্যে গঠন হোৱা ‘অনাতাঁৰ মৰম পৰিয়াল’ৰ সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় মঙলবাৰে। বৰ্ণিল কাৰ্যসূচীৰে মাজুলীৰ মূদৈবিল গাঁৱত ‘অনাতাঁৰ মৰম পৰিয়াল’ৰ উপদেষ্টা মুন বৰাৰ ঘৰৰ চোতালত আইতা, কণ কণ শিশু, পুৰুষ মহিলাৰ উপস্থিতিত পালন কৰা হয় এই উৎসৱ৷
জ্যেষ্ঠ সদস্য শিৱসাগৰ চফ্ৰাইৰ জালালুদ্দিন হালদাৰৰ নেতৃত্বত এটি বৃক্ষৰোপন কাৰ্যসূচীৰে পৰিয়ালটোৰ সপ্তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ কাৰ্যসূচীত ‘অনাতাঁৰ মৰম পৰিয়াল’ৰ আগন্তক ফ্ৰেব্ৰুৱাৰী মাহত প্ৰকাশ পাব লগা "মৰম-এক যোগসূত্ৰ" শীৰ্ষক পত্ৰিকা খন প্ৰকাশৰ বাবে এখন সমিতি গঠণ কৰা হয়৷ লগতে ৰেডিঅ'ক আৰু অধিক ৰাইজৰ কাষলৈ চপাই নিয়াৰ কাৰণে বিস্তৃত আলোচনা কৰা হয়৷
অনুষ্ঠানটোৰ আঁত ধৰে ৰেডিঅ'ৰ আজন্ম প্ৰেমিক তথা পৰিয়ালটোৰ জন্মদাতা মাজুলী মূদৈবিলৰ মাজুলী শইকীয়াই৷ শিৱসাগৰৰ ৰুণা বেগমে ৰেডিঅ'ৰ জনপ্ৰিয়তা লাভৰ বাবে কৰি অহা কামৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে৷ সভাত চিলাপথাৰৰ নকুল গগৈ, জোনাইৰ জয়বৰ পাংগিঙ, সোণাৰাম বৰদলৈ, গোগামুখৰ মুণ্ডা পেগু, ধেমাজিৰ বিনোদ গগৈ, কৰণজ্যোতি কোঁৱৰ, হৰেণ কপ্তাক, ঢকুৱাখনাৰ অনন্ত কোঁচ, লক্ষ্যনাথ কামান, শিৱসাগৰৰ নিতু দেৱ, পঞ্চমী চাংমাই প্ৰণতি দত্ত, ডিব্ৰুগড়ৰ অঞ্জনা সতনামী আদি অসমৰ বিভিন্ন জিলাৰ সদস্য-সদস্যাসকলে ফোন কনফাৰেঞ্চৰ জড়িয়তে বিগত বছৰ বোৰৰ দৰে এই বছৰো অংশগ্ৰহণ কৰে৷
সভাত উপস্থিত ৰাইজে মাজুলীৰ দৰে ঠাইৰ পৰা এনে এটি অনুষ্ঠান ২০১০ চনত জন্ম দি ৰেডিঅ' বাবে কৰি অহা কামৰ বাবে মাজুলী শইকীয়াৰ শলাগ লয়৷ আনহাতে পত্ৰিকাখনৰ বাবে অসমৰ ৰেডিঅ' প্ৰেমী শ্ৰোতা ৰাইজৰ পৰা ৩১ জানুৱাৰীৰ ভিতৰত পোৱাকৈ কেৱল ৰেডিঅ' সম্পৰ্কীয় লেখা আহ্বান কৰিছে৷ লেখা পঠোৱাৰ ঠিকনা-মাজুলী শইকীয়া, গাওঁ+ডাক-মূদৈবিল, মাজুলী-৭৮৫১০৫, ভ্ৰাম্য-৯৮৫৪৭৮৫৩৩৬৷