
তেজপুৰঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত।শোণিতপুৰ জিলাৰ বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে ৰাইজৰ।
হাতীৰ আক্ৰমণত ইতিমধ্যে বহুকেইজন নিৰিহ লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ লগতে বহুকেইটা বন্যহস্তীয়ে কৰুণ মৃত্যুক সাৱটি লবলগীয়া হৈছে। হাতীৰ জাকে আদাবাৰী চাহবাগিচা, হাৰচুৰা চাহবাগিচা, কলনী বাগিচা, চেচা অাদিৰ লগতে বালিপৰা আৰু চাৰিদুৱাৰৰ ধাননী পথাৰত সন্ত্ৰাসৰ সৃষ্টি কৰে৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোনাই-ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা কেইবাটাও হাতীৰ জাকে পথাৰৰ ধান খাই তহিলং কৰে। বনৰীয়া হাতীৰ সন্ত্ৰাসত এতিয়া অঞ্চলবাসী ৰাইজে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে। বন বিভাগে হাতীৰ জাক খেদি পঠিওৱাৰ ব্যৱস্থা কৰা নাই৷