
ডিফু: এনডিএ চৰকাৰৰ চাৰি বছৰীয়া শাসন কালত পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণ চুম্বী মূল্যবৃদ্ধি, আৰু ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ বিৰুদ্ধে সোমবাৰে কংগ্ৰেছে আহবান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ সমৰ্থন জনাবলৈ আহি অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব পৰাৰ আশংকাত আন ৪৪ গৰাকী কৰ্মী সমৰ্থকৰ সৈতে গ্ৰেপ্তাৰ হৈছে তিনি পাৰ্ব্যত্য জিলাৰ একমাত্ৰ সাংসদ বিৰেণ সিং ইংতি, প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেং, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ছেমচন চিং ইংতি, কাৰবি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দ্বয় বিদ্যাচিং ৰংপি, চন্দ্ৰচিং টেৰণ,জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাচাং তেৰাংপী ৷
আজি পুৱাৰে পৰা জিলা কংগ্ৰেছৰ ভাতৃ আৰু ভগ্নী সংগঠন জিলা মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু সংখ্যালঘু কোষৰ সমৰ্থক সকলে বিজেপি চৰকাৰৰ জনবিৰোধী আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত সমদল উলিয়ায় আৰু বিজেপি মুৰ্দাবাদ, বিজেপি গ'বেক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
পিছত ডিফু আৰক্ষীয়ে বন্ধৰ সমৰ্থক কংগ্ৰেছৰ নেতা কৰ্মী সকলক জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰি ডিফু নগৰ আৰক্ষী চকীৰ হেফাজতত ৰাখে৷
আনহাতে পশ্চিম কাৰবি আংলঙৰ খেৰণিতো জিলা কংগ্ৰেছৰ সভাপতি ছাৰ্থে ক্ৰামছা সহ মুঠ ৫ গৰাকী কংগ্ৰেছ নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ডিফুত বন্ধ সৰ্বাত্মক আৰু শান্তিপূৰ্ণ হৈছে ৷
বাতৰি যুগুত কৰা পৰলৈকে কোনো ঠাইৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ খবৰ লাভ কৰা নাই ৷ বন্ধৰ কালছোৱাত সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ হোৱাৰ লগতে সদৰ চহৰ খনৰ দোকান -পোহাৰ সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে যদিও বোকাজান আৰু জিলা খনৰ অনান্য ঠাইত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে ৷
শেহতীয়াকৈ জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা সকলো কংগ্ৰেছ সদস্যক আৰক্ষীয়ে মুকলি কৰি দিছে ৷