যমুনামুখত কংগ্ৰেছৰ সভা, শতাধিক লোকৰ যোগদান

মোৰাঝাৰঃ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ উদ্যোগত সোমবাৰে এখন সভা অনুষ্ঠিত হয়৷ ডবকা ৰাজীৱ ভৱনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্য অনুষ্ঠিত কৰা সভা খন বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হয়৷

সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰ, প্ৰদেশ কংগ্ৰেছৰ সদস্য বচিৰ উদ্দিন লস্কৰ, হোজাই জিলা সংখ্যা লঘু মৰ্চাৰ সভাপতি মাহমদ হুছেইন, হোজাই জিলা কংগ্ৰেছৰ সদস্য অলিউৰ ৰহমান, যুৱ-কংগ্ৰেছৰ সভাপতি আইনুল হক, ব্লক মহিলা কংগ্ৰেছৰ সভানেএী ৰহিমা বেগম, হোজাই জিলা এন এছ ইউ আইৰ সভাপতি মেহবুল আলম বৰভূঞা, ইমৰাণ হুছেইন, ৰোহিনা ওৱাৰিছ, আচাদুৰ ৰহমান চৌধুৰী, জাকিৰ হুচেইন পাঠোৱাৰীকে ধৰি বহুকেইজন নেতা উপস্থিত থাকি ভাষণ আগবঢ়ায়।

কেবা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনে কংগ্ৰেছ দলক যমুনামুখ সমষ্টিৰ বিভিন্ন সম্প্ৰদায়, জাতি, ধৰ্মৰ ৰাইজে আজি আকোৱালি লৈছে বুলি কয়। যমুনামুখ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ শতাধিক লোক কংগ্ৰেছ দলত যোগদান কৰে।