কাৰ্বি পাহাৰত সাৰ পালে কংগ্ৰেছে, বিজেপিয়ে প্ৰতিশ্ৰুতিৰ বাহিৰে একো দিব পৰা নাই

খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ বিভিন্ন পৰিষদীয় সমষ্টিত শাসকীয় দৰ বিজেপিয়ে আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰাৰ সময়তে বুধবাৰে যেন কাৰ্বি ভূমিত হঠাৎ সাৰ পালে বিৰোধি কংগ্ৰেছ৷ কাৰ্বি আংলং জিলা কংগ্ৰেছে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰে বুধবাৰে৷ গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে খেৰণিত কংগ্ৰেছে আয়োজন কৰে পদযাত্ৰাৰ৷

পদযাত্ৰাৰ অন্তত পশ্চিম কাৰ্বি আংলঙৰ আমৰেং মণ্ডল কংগ্ৰেছ সমিতি আৰু কপিলী মণ্ডল কংগ্ৰেছ সমিতিৰ উদ্যোগত খেৰণিত এখন মুকলি সভা অনুষ্ঠিত হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি পৰিষদৰ প্ৰাক্তন অধ্যক্ষ বাজং তিচ্ছে বিজেপিক তীব্ৰ সমালোচনা কৰে৷ কাৰ্বি পৰিষদৰ প্ৰাক্তন অধ্যক্ষ বাজং তিচ্ছে কাহিনী ৰচনা কৰাত বিজেপি পাৰ্গত বুলি কয়৷

বিগত কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ৰচনা কৰিছিল নির্বাচনী ষড়যন্ত্ৰ। কেৱল নামত নিৰ্বাচন অনুষ্ঠিত কৰি দেখুৱাই কামত কিন্তু একপ্ৰকাৰ বাচনি প্ৰক্ৰিয়াৰেহে নিজৰ পছন্দ অনুযায়ী প্ৰাৰ্থীক বাচনি কৰা বুলি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বিজেপিয়ে চৰকাৰ গঠন কৰিছিল কাৰ্বি পাহাৰত।

নির্বাচনী কালত ফোঁপ-যহ মাৰা বিজেপিয়ে ৰাইজক প্ৰদান কৰিছিল পৰ্ব্বতসম প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতিৰ বন্যাৰে পাহৰবাসী ৰাইজক পথভ্ৰষ্ট কৰি বিজেপিৰ প্ৰতি আকৃষ্ট কৰি ৰাইজক কংগ্ৰেছৰ প্রতি মোহভংগ হবলৈ বাধ্য কৰাইছিল বিজেপিয়ে৷ কিন্তু কি হব, কাৰ্বি আংলঙত বিজেপিয়ে শাসনৰ বাঘজৰি হাতত লোৱাৰ পাছত জিলাখনৰ চৌদিশে পৰিলক্ষিত হৈছে এতিয়া সাৰশূণ‍্য উন্নয়ন আৰু বিকাশ, নির্বাচনীকালত বিজেপিয়ে কাৰ্বি পাহাৰত কেৱল প্ৰতিশ্ৰুতিৰ ৰাজনীতিহে কৰিছিল-উন্নয়ন কিংবা বিকাশ সাধনৰ নহয় বুলি বিজেপিক উভতি ধৰে তিচ্ছে৷

আনকি পাহাৰীয়া জিলাখনত আর্থিক দূৰৱস্থাত ককবকাই থকা কাৰ্বি পাহাৰৰ অজলা মানুহখিনিয়ে পুজিঁপতিৰ জি এছ টি, ক্ৰেডিট কার্ড আৰু নগদবিহীনৰ অংকত দিশহাৰা হৈ পৰিছে এতিয়া বিজেপিৰ কৱলত পৰি। ওপৰঞ্চি আকৌ কংগ্ৰেছক দোষাৰোপ আৰু জগৰীয়া কৰি ভূতৰ ওপৰত দানহ পৰাদি চিণ্ডিকেট গিৰি, দালাল চক্ৰৰ লুণ্ঠনৰ সমস্যাৰ সৃষ্টি কৰিছে দেশখনত বিজেপিয়ে।

এক কথাত কবলৈ গলে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত পশ্চাদমুখী হৈ থকা জিলাখনৰ জনতাৰ দুর্বলতাৰ সুযোগ লৈ পুজিঁপতিৰ ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠিছে পাহাৰীয়া জিলাখনত। ফলত ভুক্তভোগী হৈছে নিৰীহ সর্বসাধাৰণ। পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক চত্ৰ টেৰণ, আমৰেং মণ্ডল কংগ্ৰেছ সমিতিৰ সভাপতি বৰছিং ইংতি, কপিলী মণ্ডল কংগ্ৰেছ সমিতিৰ সভাপতি বিদ্যাছিং টেৰাঙৰ লগতে ভালেসংখ্যক কংগ্ৰেছ নেতা কৰ্মী আৰু সমৰ্থক উপস্থিত থাকে এই সভাত। নিৰ্বাচন পাৰ হোৱাৰ পিছত কাৰ্বি পাহাৰত কংগ্ৰেছ দল শুই আছিল যদিও বুধবাৰে সাৰ পালে বুলি কব পাৰি৷