মোডী, বিজেপিৰ বিৰুদ্ধে মানকাছাৰত কংগ্ৰেছৰ প্ৰতিবাদ

newsnextone.com | দক্ষিণ শালমাৰাঃ মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্ধোগত ৰাফেল যুজাঁৰু বিমান ক্ৰয়ত ভাৰতৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা বৃহৎ কেলেংকাৰীৰ বিৰূদ্ধে মঙলবাৰে দূপৰীয়া এক প্ৰতিবাদী সমদল উলিওৱা হয়। 

২১ নং মানকাচৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডা০ মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত হাটশিঙিমাৰীৰ মাহামায়া নগৰস্থিত ফেকামাৰী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰায় সহশ্ৰাধিক প্ৰতিবাদী কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ শোভাযাত্ৰা উলিয়াই মোডী তুমি হুসিয়াৰ, বিজেপি চৰকাৰ গ’ বেক, ৰাফেল কেলেংকাৰীৰ হিচাব দিয়ক, অৰুণ জেটলি হায় হায়, অৰুণ জেটলি পদত্যাগ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তুলি হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্য্যাসয়ৰ সন্মুখত সমবেত হয়। 

সমবেত প্ৰতিবাদকাৰীৰ হৈ মানকাচৰৰ বিধায়ক ডা০ মতিউৰ ৰহমান মণ্ডলে ৰাফেল যুজাঁৰু বিমান ক্ৰয় কেলেংকাৰীৰ তদন্ত বিচাৰি জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জিলা উপায়ুক্ত আতিকা চুলতানাৰ হৈ সহকাৰী উপায়ুক্ত ডাঃ দীপাংকৰ নাথে স্মাৰক পত্ৰখন গ্ৰহণ কৰি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণৰ আশ্বাস প্ৰদান কৰে।