অভয়াপুৰীত কংগ্ৰেছৰ ভাৰত বন্ধৰ প্ৰভাৱ

NEWSNEXTONE.COM | অভয়াপুৰীঃ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু বিজেপি চৰকাৰৰ ভূৱা প্ৰতিশ্ৰুতিৰ প্ৰতিবাদত কংগ্ৰেছে সোমবাৰে আহ্বান জনোৱা ১২ ঘন্টীয়া "ভাৰত বন্ধ"ৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূৰ্ণ ৰূপে পৰা পৰিলক্ষিত হৈছে৷ 

বিভিন্ন জিলাত কংগ্ৰেছ সমৰ্থনকাৰীসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আহ্বান কৰা বন্ধ কাৰ্যসূচীৰ সমৰ্থন জনাই ৰাজপথলৈ ওলাই আহিছে৷ অভয়াপুৰীতো কংগ্ৰেছ সমৰ্থক আৰু কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই বন্ধৰ মুকলি সমৰ্থন জনায়৷ তদুপৰি বন্ধৰ সমৰ্থনত কংগ্ৰেছ কৰ্মীসকলে অভয়াপুৰীৰ ৰাজপথত বিজেপি বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷