ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজপথত বিৰোধী দলপতি

নাজিৰাঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা-কৰ্মীৰ সৈতে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে নেতাগৰাকীয়ে৷

কেইবাশতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে আজি শিৱসাগৰৰ নাজিৰাত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা নেতাগৰাকীয়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷

ৰন্ধন গেছৰ ৰাজসাহায্য কৰ্তন, কেৰাচিন তেলৰ ৰাজসাহায্য কৰ্তন, ২৪ ঘণ্টাই বিদ্যুত্‍ যোগান ধৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, যাতায়তৰ শোচনীয় অৱস্থা, খোৱাপানী যোগান সন্দৰ্ভত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।