তেজপুৰত কংগ্ৰেছৰ কলা দিৱস পালন

তেজপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৮ নৱেম্বৰত নোট বন্দীৰ ঘোষণা কৰিছিল৷ এই ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷ ২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷

টকাৰ অভাৱত ককবকাব লগা হয় দেশৰ লাখ লাখ লোকে৷ এই দিনটোক ইতিহাসে কলা দিৱস হিচাপে মনত ৰাখক বুলি কংগ্ৰেছে থিৰাং কৰি সমগ্ৰ দেশত বুধবাৰে কংগ্ৰেছে কলা দিৱস পালন কৰে৷ বিমুদ্ৰাকৰণ দেশৰ অৰ্থনীতিলে ভয়ংকৰ দিন কঢ়িয়াই অনা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছে কলা দিৱস পালন কৰে৷

প্ৰায় ১৫০ গৰাকী লোক বেংক-এটিএমত লাইনত থিয় হৈ মৃত্যুবৰণ কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগ, মধ্যম উদ্যোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে তেজপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ তেজপুৰ চহৰত সমদল উলিয়াই প্ৰতিবাদ সাবস্ত কৰে দলটোৱে৷