লোকসভাত হুলস্থূলীয়া পৰিৱেশ, পিএনবি কেলেংকাৰী সন্দৰ্ভত সংসদ চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ পিএনবি কাণ্ড, এছএছচি পেপাৰ ফাদিল আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ স্বীকৃতি বিচৰাক লৈ বিৰোধীয়ে মঙলবাৰে সদন উত্তপ্ত কৰি তোলে৷ যাৰ ফলত সদন স্থগিত ৰাখিব লগা হয় লোকসভাৰ অধ্যক্ষই৷ সংসদীয় বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়তো বিৰোধীয়ে উক্ত বিষয়সমূহক লৈ পৰিস্থিতি উত্তাল কৰি তোলা দেখা যায়৷

 

 

উল্লেখ্য যে, সোমবাৰেও কংগ্ৰেছ দলে পিএনবি কেলেংকাৰীৰ বিষয়টোক লৈ দুয়োখন সদনতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ মঙলবাৰে অধিৱেশনৰ প্ৰথম পৰ্যায়ত ৰাহুল গান্ধীৰ উপস্থিতিত দলটোৰ সাংসদসকলে বিৰোধ প্ৰদৰ্শণ কৰে৷ জানিব পৰা মতে মঙলবাৰে লোকসভাত পঞ্জাৱ নেচনেল বেংকৰ ঘটনাটোক লৈ চলি থকা বাদ-বিবাদ সমূহ লোকসভাত শেষ কৰিবৰ বাবে আলোচনা চলিছিল৷ সোমবাৰে লোকসভাৰ বিজনেছ এডভাইজৰী কমিটিৰ বৈঠকত সকলো দলৰ সন্মতিক্ৰমে পিএনবি কাণ্ডৰ ওপৰত ৪ঘণ্টা আলোচনা কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷

কিন্তু বিৰোধী দলে ইয়াৰ ওপৰত মংগলবাৰে পুৱাই শেষ সিদ্ধান্ত লয়৷ ৰাজ্যসভাত পিএনবি সমস্যাটোৰ ওপৰত আলোচনা কৰিবলৈ চৰকাৰ মান্তি হয় যদিও বিৰোধীয়ে নিয়ম ২৬৬ অনুযায়ী ভোটিঙৰ দাবী তোলে৷ অৱশ্যে সভাপতিয়ে বিপক্ষৰ এই দাবী বাতিল কৰে৷ ইয়াৰোপৰি এছএছচি পেপাৰ ফাদিল হোৱা বিষয়টোও মঙলবাৰে সদনত উত্থাপিত হয়৷ ৰাষ্ট্ৰীয় জনতা দলৰ সাংসদ জয় প্ৰকাশ যাদৱে লোকসভাৰ মজিয়াত এছএছচি পেপাৰ ফাদিল বিষয়টো স্থগিত ৰখাৰ বাবে নটিছ জাৰি কৰিছে৷

লগতে জয় প্ৰকাশ যাদৱে শূণ্য কালতো এই বিষয়টো উত্থাপন কৰা হ’ব বুলি কয়৷ উল্লেখ্য যে এছএছচি পেপাৰ ফাদিল বিষয়টোৰ ওপৰত ৮ দিন ধৰি সমগ্ৰ দেশৰে ছাত্ৰ-ছাত্ৰীয়ে যন্তৰ-মন্তৰত প্ৰতিবাদ কৰি আহিছে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ সিদ্ধান্ত অবিহনে কোনো লিখিত আশ্বাস পালেও প্ৰতিবাদ কাৰ্যসূচী ভংগ নকৰে বুলি জনায়৷ ইয়াৰোপৰি টিডিপিৰ সাংসদে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ স্বীকৃতি দিবৰ বাবে কৰি অহা দাবীক লৈও মঙলবাৰে সদন উত্তপ্ত হৈ পৰে৷ যাৰ বাবে সদনৰ কামকাজ স্থগিত ৰখা হয়৷