
newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা দেশৰ একাংশ লোকৰ তীব্ৰ বিৰোধিতাক প্ৰত্যাখ্যান কৰি বৃহস্পতিবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা একালৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰণৱ মুখাৰ্জী উপস্থিত হয় নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়ত৷ আৰএছএছৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে আৰএছএছ প্ৰধান মোহন ভাগৱতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনায়৷ প্ৰণল মুখাৰ্জীয়ে ভাষণ প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে৷
ভাষণৰ আৰম্ভণিতে প্ৰণৱ মুখাৰ্জীয়ে কয় মই আজি দেশক মোৰ ৰাষ্ট্ৰীয়তাবাদ সম্পৰ্কত মোৰ দৃষ্টি ভংগী সন্দৰ্ভত জনাব আহিছো৷ ভাৰতৰ সংস্কৃতিৰ কথা উল্লেখ কৰি এছিয়া মহাদেশত ভাৰতৰ সংস্কৃতি বিস্তাৰিত হৈ আছে বুলি কয়৷ গান্ধীয়ে ভাৰতৰ ৰাষ্ট্ৰীয়তা বিশেষ বুলি কৈছিল আৰু কাৰো ক্ষতি নকৰে বুলি কৈ পণ্ডিত নেহেৰুৱে কৈছিল ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ ৰাজনীতি আৰু ধৰ্মৰ উৰ্ধত৷ এয়া স্বাধীনতাৰ পূৰ্বৰ পৰাই আছিল আৰু আজিও থাকিব৷
এনে বহু মন্তব্য প্ৰকাশ কৰাৰ পিছতে প্ৰণৱ মুখাৰ্জীৰ মন্তব্যই ব্যাপক চৰ্চাৰ মাজলৈ আহে৷ তাৰ লগে লগে কংগ্ৰেছে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰএছএছক আইনা দুখুৱাই থৈ অহা বুলি কয়৷ মুখাৰ্জীয়ে কেৱল সকলো ধৰ্ম লোকৰ দ্বাৰাই ৰাষ্ট্ৰীয়তাবাদ মজবুত হোৱা কথাটোকে জোৰ দিয়ে৷
কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰ্যেৱালাই কয় যে ‘‘ড০ মুখাৰ্জীয়ে আৰএছএছ কাৰ্যালয়লৈ যোৱাটে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ আজি মুখাৰ্জীয়ে আৰএছএছক তেওঁলোকৰ কাৰ্যালয়তে আইনা দেখুৱাই থৈ আহিছে৷ তেওঁ বিভিন্নতা, সহিষ্ণুতা আৰু বহুল সাংস্কৃতিৰ কথা কৈছে৷’’
সুৰ্যেৱালাই আৰু কয় ‘‘আৰএছএছক তেওঁলোকৰ ইতিহাস মনত পেলাই দিছে৷ তেওঁলোকক পঢ়াই থৈ আহিছে ভাৰতৰ সুন্দৰতা, বিচাৰ, ধৰ্ম আৰু ভাষাত প্ৰতি সহিষ্ণুতা নিহিত হৈ আছে৷ এই কথা আৰএছএছে শুনিবলৈ সাঁজু আছেনে?’’