নগাঁও ধৰ্ষণকাণ্ডৰ দুৰ্ভগীয়া পৰিয়ালৰ খবৰ ললে কংগ্ৰেছে, জাকিৰ কংগ্ৰেছৰ সদস্য নহয়

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ লালুং গাঁৱত যোৱা ২৩ মাৰ্চত এগৰাকী নাবালিকাক প্ৰথমে ধৰ্ষণ কৰি পিছত গাত কেৰাচিন তেল ঢালি  জ্বলাই হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মঙলবাৰে দিনৰ ১২ বজাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ এটি সঁজাতি দলে কৰুণ মৃত্যুক আঁকোৱালি লোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ  সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে উপস্থিত হয়। 

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা তথা জনপ্ৰিয় নেত্ৰী শিবামণি বৰাই দুৰ্ভগীয়া পৰিয়ালটোক অনুদান দিবলৈ চৰকাৰক দাবী জনায়। লগতে এনে ধৰণৰ অমানবীয় ঘটনা যাতে অঞ্চলটোত পুনৰ ঘটিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ প্ৰশাসনক দাবী জনায়। 

উক্ত ঘটনাৰ মূল অভিযুক্ত জাকিৰ হুছেইনক ফাষ্ট্ৰ ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি ফাঁচীৰ দাবী তোলে। আনহাতে হতভগীয়া পৰিয়ালটোৰ কাষত থাকি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা হিৰণমনি ফুকনে ঘটনাৰ সৈতে জড়িত হৈ থকা প্ৰতিজন অভিযুক্ত যাতে আইনৰ সুৰুঙাৰে ৰেহাই নাপাই তাৰ প্ৰতি চৰকাৰক নজৰ ৰাখিবলৈ আহবান জনায়। 

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা তথা জনপ্ৰিয় নেত্ৰী শিবামণি বৰাই ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত জাকিৰ হুছেইন বটদ্ৰৱা সমষ্টিৰ ভোমোৰাগুৰি পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক বুলি চলা অপ্ৰচাৰকলৈ তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই আৰু অভিযুক্ত জাকিৰ হুছেইন  কংগ্ৰেছৰ কোনো প্ৰথমিক সদস্য পদত নাই। প্ৰদেশ কংগ্ৰেছ সমিতিৰ নগাঁও জিলা সমিতিৰ বিষয়-ববীয়াৰ লগতে সমষ্টিটোৰ বহু কংগ্ৰেছ দলৰ কৰ্মী উপস্থিত আছিল।