আৰক্ষী স্বামীৰ বিৰুদ্ধে আৰক্ষী পত্নীৰ গোচৰ

কোকৰাঝাৰঃ কোকৰাঝাৰৰ এগৰাকী আৰক্ষী কনিষ্টবলে পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈ পুনৰাই অান এগৰাকী যুৱতীক বিবাহ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰথমা পত্নীক বিচ্ছেদ নিদিয়াকৈ অান এগৰাকী যুৱতীক বিৱাহ কৰা অাৰক্ষী কনিষ্টবলগৰাকী বুৰলা মুছাহাৰী ।

ঘটনা সন্দৰ্ভত অাৰক্ষী কনিষ্টবল বুৰলা মুছাহাৰীৰ(৩৯) বিৰুদ্ধে পত্নী তথা মহিলা আৰক্ষী কনিষ্টবল গীতা মণ্ডলে কোকৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰিছে ৷ গীতাই ঘটনা সন্দৰ্ভত কয় যে ২০০৮ চনত প্ৰেম সূত্ৰে দুয়োজনৰ মাজত সম্পৰ্ক গঢ়ি উঠাৰ পাছত দুয়োটা পৰিয়ালৰ সহমতত সামাজিক ভাৱে বিবাহ সম্পন্ন হয় ৷

মহিলা আৰক্ষী কনিষ্টবলগৰাকীয়ে জনোৱা মতে, বিয়াৰ পাছতহে স্বামীৰ আন মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি জানি  সৰু-সুৰা কথাকলৈ দুয়োৰে মাজত অশান্তিৰ সৃষ্টি হয় যদিও আৰম্ভণিতে সকলো নীৰৱে সহ্য কৰি গৈছিল ৷ কিন্তু যোৱা  সাত মাহ পূৰ্বে ঘৰত কাম-বন কৰিবলৈ অনা যুৱতীজনীৰ সৈতেও স্বামীৰ অবৈধ সম্পৰ্ক গঢ়ি উঠা বুলি জানিব পাৰি বনকৰা ছোৱালী জনীক ঘৰত পঠাই দিয়ে যদিও স্বামীয়ে তাইক পুনৰ লৈ আহি মাকৰ সহায় হোৱাৰ অজুহাত দেখুৱাই ছটো' আদাবাৰীৰ গাঁৱৰ ঘৰত  ৰাখি থয় ৷  

পাছত স্বামীৰ পৰিয়ালে বুৰলাই ছোৱালীজনীক যোৱা ১৪ মাৰ্চত বিয়া কৰোৱা বুলি গীতাক জানিবলৈ দিয়ে ৷ এই খবৰ পোৱাৰ পাছতে ন্যায় বিচাৰি গীতাই থানাত এজাহাৰ দাখিল কৰে যদিও বিহিত ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে আৰক্ষীয়ে  বুৰলাক ৰক্ষনাবেক্ষণ হে দি থকা বুলি অভিযোগ কৰিছে ৷ কনিষ্টবল  স্বামীৰ বিৰুদ্ধে কনিষ্টবল পত্নীয়ে গোচৰ দিয়া বিষয়টো এতিয়া কোকৰাঝাৰত যথেষ্ট চৰ্চিত বিষয় হৈ পৰিছে।

ইফালে অাজি কনিষ্টবল বুৰলা মুছাহাৰীয়ে জামিন লাভ কৰে। জামিন লাভ কৰিয়েই কনিষ্টবল মুছাহাৰীয়ে কয় যে প্ৰথমা পত্নীৰ বহু চিকিৎসা কৰা সত্বেও সন্তান নোহোৱা বাবেহে অান এগৰাকীক বিয়া কৰাবলৈ তেওঁ বাধ্য হৈ পৰিছে।