
তুলসীবাৰী/ৰঙিয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো পালন কৰা হয় ঐতিহাসিক সংবিধান দিৱস৷ ড০ বিআৰ আম্বেদকাৰক সভাপতি হিচাপে লৈ ৭জনীয়া সংবিধান খচৰা গঠন কৰাৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতবৰ্ষৰ নতুন সংবিধানৰ সংশোধন কৰি সভাপতি ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰিছিল৷
এই ঐতিহাসিক দিনটোক দেশৰ লোকসকলে সংবিধান দিৱস হিচাপে পালন কৰি আহিছে৷ দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো সংবিধান দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় সংবিধান দিৱস ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনতো পালন কৰা হয়৷
স্থানীয় প্ৰশাসনৰ উদ্যোগত পালন কৰা সংবিধান দিৱসত উপস্থিত থাকি মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে যুৱ আৰু ছাত্ৰ সমাজে ইতিহাস জানিব লাগিব বুলি কয়৷ সংবিধান দিৱসত ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ৰাণু চৌধুৰী, মহকুমা নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথ, প্ৰেছ ক্লাবৰ সভাপতি অঞ্জন পাটোৱাৰীৰ লগতে মহকুমাটোৰ ছাত্ৰ-ছাত্ৰী, সচেতন নাগৰিক উপস্থিত থাকে ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷