জেলৰ পৰা ওলাই ন্যায়াধীশ কাৰনানে খোজ থলে তামিলনাডুৰ ৰাজনীতত

newsnextone.com | ডিজিটেল ডেস্কঃ এইবাৰ ন্যায়ালয় এৰি তামিলনাডুৰ ৰাজনীতিত নামি পৰিল বিতৰ্কিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ চিএছ কাৰনান৷ শুকুৰবাৰে কাৰনানে তেওঁৰ নতুন ৰাজনৈতিক দলটোৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ ‘উঝলুক্কু এধিৰাণা চেয়ালাক্কা কাটছি’ নাম দি তেওঁ গঠন কৰা নতুন ৰাজনৈতিক দলটোৰ অসমীয়া অৰ্থ হৈছে দুৰ্নীতি বিৰোধেী প্ৰগতিশীল দল৷ 

উল্লেখ্য যে, পূৰ্বে কলিকতা আৰু মাদ্ৰাছৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছল ন্যায়াধীশ চিএছ কাৰনানে৷ কিন্তু আদালতক অৱমাননা কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰি ৬ মাহৰ কাৰাদণ্ড বিহিছিল৷ যোৱা বছৰত তেওঁ কলিকতাৰ কাৰাগাৰত ৬ মাহ কাৰাবাস সম্পন্ন কৰে৷

শুকুৰবাৰে চিএছ কাৰনানে তামিলনাডুৰ বি আৰ আম্বেদকাৰ ভৱনত দলৰ পতাকাও উন্মোচন কৰে৷ নৱ গঠিত ৰাজনৈতিকদলটোৱে তামিলনাডুত দুৰ্নীতি বিৰোধী জয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে কাৰনানে৷

উল্লেখ্য যে, তামিলনাডুৰ আম্মা খ্যাত মুখ্যমন্ত্ৰী জয়াললিতাৰ মৃত্যুৰ পিছত ৰাজ্যখন এইপৰ্যন্ত ৪ টা নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছে৷ জয়াললিতাৰ ভাতৃ বুলি দাবী নিজকে দাবী কৰা দীপাই গঠন কৰা ‘এমজিআৰ আম্মা দীপা পেৰভাই’ জয়াললিতাৰ মৃত্যুৰ পিছত গঠন হোৱা প্ৰথমটো ৰাজনৈতিক দল হিচাপে পৰিচিত হৈছিল৷

ইয়াৰ পিছতে জয়াললিতাৰ ঘনিষ্ঠ বুলি পৰিচিত ভিকে শশীকলাৰ ভতিজা টিটিভি দীনাকৰণৰ ‘আম্মা মক্কলা মুন্নেত্ৰা কাঝাগম’ আৰু অভিনেতা কমল হাচানৰ দল ‘মাক্কাল নিধি মাইয়াম’ জয়াললিতাৰ মৃত্যুৰ পাছত গঠন হোৱা দ্বিতীয় আৰু তৃতীয়টো ৰাজনৈতিক দল৷ 

আনহাতে বিতৰ্কিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কাৰনানৰ ‘উঝলুক্কু এধিৰানা চেয়ালাক্কা কাটছি’ নামৰ দলতো ৰাজ্যখনত নৱগঠিত দলসমূহত চতুৰ্থ সংযোজন বুলি চিহ্নিত হৈছে৷  

আনফালে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তেও এটা নতুন ৰাজনৈতিক দল গঠন কৰি ৰাজনীতিত আত্মপ্ৰকাশ কৰিব বুলি চৰ্চা চলিছে৷