৫৬লৈ বৃদ্ধি ভাৰতত কৰ'নাত মৃতকৰ সংখ্যা, ২৪ ঘণ্টাত আক্ৰান্ত ৩৩৬

নতুন দিল্লীঃ দেশত ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পাবলৈ লৈছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত COVID-19ত আক্ৰান্ত হৈ দেশত প্ৰাণ হেৰুৱাইছে ৫৬জনকৈ লোকে। কিছুসময় পূৰ্বে এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে। 

শুকুৰবাৰে মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত মৃত্যু হৈছে ৩জনকৈ লোকৰ। এই সময়ত নতুনকৈ আক্ৰান্ত হৈছে আৰু ৩৩৬ জন।

সকলো মিলি চৰকাৰী হিচাপ মতে দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা হৈছে ২৩০১ জন। অৱশ্যে সুখৰ কথা এয়ে যে এতিয়ালৈ আক্ৰান্তসকলৰ ১৫৭ জনে আৰোগ্য লাভ কৰিছে। উল্লেখ্য যে, সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্ত হৈছে ১০ লাখৰো অধিক লোক আৰু ইয়াৰে ৫৩ হাজাৰৰো অধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে।