
জোনাইঃ বানত ক্ষতিগ্ৰস্ত ধেমাজি জিলাৰ অজস্ৰ জনতাই খাদ্য-বস্ত্রৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে পকি পথ ভাঙি পুনৰ নিৰ্মাণৰ নামত চৰকাৰী ধন অপব্যয় কৰাক লৈ জোনাইত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জোনাইৰ মহমৰাস্ত মেডিকেলৰ কাষেৰে আগাম দলুঙলৈ যোৱা পথটো নতুনকৈ নিৰ্মাণ কৰা মাথো চাৰি বছৰহে হৈছে। কিন্তু সোমবাৰৰ পৰা যাতায়তৰ বাবে সম্পূৰ্ণ উপযোগী পথটোক JCB ৰে ভাঙি-আজুৰি পুনৰ নিৰ্মাণ কৰিবলৈ লোৱাক AJYCP ৰ জোনাই আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে।
এক স্মাৰক পত্ৰৰ জৰিয়তে ধেমাজি জিলাৰ উপায়ুক্তক যতায়তৰ বাবে অনুপযোগী অন্য ঠাইত এই আঁচনি ৰূপায়ন কৰিবলৈ দাবী জনাইছে।
লগতে অহা ৬ অক্টোবৰ তাৰিখে জোনাইৰ গড়কাপ্তানী বিভাগৰ লগতে বিভিন্ন বিভাগত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰিব বুলি AJYCP ধেমাজি জিলা সমিতিৰ নেতৃবৃন্দই বিবৃতিৰ যোগেদি জানিবলৈ দিছে৷