
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷ বিভিন্ন আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হয়৷ শিলপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ফাৰহিন চুলতানা আৰু স্বামী জাহাংগীৰ আলমৰ দুৰ্নীতি তথা চৰম মইমতালিত আৰু দৌৰাত্ম্যই পঞ্চায়তবাসীক অতিষ্ঠ কৰি তুলিছে৷ আনকি ক্ষমতাৰ ৰাগিত মতলীয়া জাহাংগীৰে পঞ্চায়তটোত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি আৰু অনিয়ম ফাদিল কৰা যুৱকক শেহতীয়াকৈ দলৱদ্ধভাবে আক্ৰমণ কৰি প্ৰাণ নাশৰ ভাবুকি প্ৰদান কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হয়৷
অভিযোগ মতে, নিজৰ পত্নী পঞ্চায়তটোৰ সভানেত্ৰী হোৱাৰ সুবাদতে একপ্ৰকাৰ পঞ্চায়তটোত উঠি ৰজা বহি ৰজা হৈ পৰা জাহাংগীৰে পঞ্চায়তৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি পঞ্চায়তৰ বিভিন্ন আঁচনিৰ ধন কৌশলেৰে আত্মসাৎ কৰি আহিছে৷ কেৱল নামতহে সভানেত্ৰী হিচাপে থকা পত্নীক গছৰ মূঢ়াৰ দৰে ব্যৱহাৰ কৰি বিগত ২০১৪-১৫ৰ পৰা ২০১৭-১৮ বৰ্ষত পঞ্চায়তটোলৈ আৱন্টিত হৈ অহা এম জি এনৰেগাকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণত চৰম দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লৈ জাহাংগীৰে পঞ্চায়টোৰ উন্নয়ণত বাধাৰ সৃষ্টি কৰিহে আহিছে৷
ফলস্বৰূপে স্বাভাবিকতেই অতিষ্ঠ হৈ পৰা পঞ্চায়তৰ সচেতন লোকসকলে বিগত সময়ছোৱাত ইয়াৰ বিৰুদ্ধে মাত মাতিছিল যদিও সেইবোৰলৈ কেৰেপ নকৰা মতগৰ্বী জাহাংগীৰৰ মইমতালি পূৰ্বতকৈ অধিকহে বৃদ্ধি পোৱাত যোৱা ২৭ ডিচেম্বৰত শিলপুখুৰী আঞ্চলিক যুৱ উন্নয়ণ ক্লাৱৰ তৰফৰ পৰা পঞ্চায়তটোত সংঘটিত হোৱা এনে দুৰ্নীতি আৰু অনিয়মৰ সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত আৰু জিলা গ্ৰাম্য উন্নয়ণ প্ৰকল্প সঞ্চালকক পৃথকে পৃথকে লিখিত অভিযোগ দাখিল কৰে৷ কিন্তু ক্লাৱটোৰ এনে কাৰ্যত খঙত অগ্নিশৰ্মা হৈ পৰে জাহাংগীৰ আলম আৰু ক্লাৱটোৰ বিষয়-ববীয়াই এশিকনি দিয়াৰ বাবে উঠি পৰি লাগে৷
ইয়াৰ অংশ হিচাপে যোৱা ২৯ ডিচেম্বৰত বটদ্ৰৱা উন্নয়ণ খণ্ডৰ কাৰ্যালয়লৈ যোৱা ক্লাৱটোৰ সম্পাদক দিলদাৰ হুছেইনসহ আন তিনিজন সদস্যক জাহাংগীৰে লগত ভেৰোণীয়া গুণ্ডা লৈ কাৰ্যালয় চৌহদতে মাৰপিত কৰাৰ লগতে সম্পাদকজনৰ লগত থকা ক্লাৱৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু নগদ ৪,৫০০ টকা কাঢ়ি লৈ যায়৷ তদুপৰি মাৰপিততে ক্ষান্ত নাথাকি জাহাংগীয়ে ফ্লীমি কায়দাৰে ভৱিষ্যতে তেওঁৰ বিৰুদ্ধে মাত মাতিলে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে৷
জাহাংগীৰৰ এনে মাফিয়াগিৰিত শংকিত হৈ পৰা ক্লাৱটোৰ সম্পাদক দিলদাৰ হুছেইনে লগে লগে সেইদিনাই জাহাংগীৰ আৰু তেওঁৰ লগত থাকি মাৰপিত কৰা ছাইদুৰ ৰহমান, ৰাহুল আমিন আৰু আব্দুল খালেক নামৰ লোককেইজনৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ তদুপৰি যোৱা ২ জানুৱাৰীত মিকিৰভেটা আৰক্ষী থানা আৰু বৰিবজাৰ আৰক্ষী চকীটো সুকীয়াকৈ আন দুখন এজাহাৰ দাখিল কৰে৷
কিন্তু নিৰাপত্তাহীনতাত ভোগা ক্লাৱটোৰ বিষয়-ববীয়াসকলে এইদৰে দিনদুপৰতে মাৰপিট কৰি মৃত্যুৰ ভাবুকি দিয়া সন্দৰ্ভত আৰক্ষীক গোচৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে অদ্যপি কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে৷ কাজেই, দাদাগিৰীত লিপ্ত থকা দুৰ্নীতিগ্ৰস্ত জাহাংগীৰ আৰু তেওঁৰ গুণ্ডা বাহিনীৰ লগত আৰক্ষীৰ গোপন বুজাবুজি হোৱা বুলি এতিয়া সচেতন মহলত সৰৱ চৰ্চা চলিছে৷ গতিকে সচেতন ৰাইজে এই সমগ্ৰ বিষয়টো এক উচিৎ তদন্তৰে দোষীক ধৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে পঞ্চায়টোত অবাধে সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ তাৎক্ষণিক তদন্তৰ দাবী জনাইছে৷