মন্ত্ৰী হিমন্তৰ সমষ্টিত ৰাজকোষৰ ধনৰ অপচয়

বাইহাটা চাৰিআলিঃ ভোটৰ স্বাৰ্থত সময়ে সময়ে চৰকাৰে ৰূপায়ণ কৰে কিছুমান বিশেষ আঁচনি৷ তেনে আঁচনি সমূহ কেৱল নিৰ্বাচনত ভোট সংগ্ৰহৰ বাবে লোৱা দেখা যায়৷ নিৰ্বাচনৰ পাৰ হৈ যোৱাৰ পিছত তেনে আঁচনিৰ নামত ৰাজ কোষৰ কোটি কোটি টকা অপচয় হয়৷ শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত বিগত কংগ্ৰেছ চৰকাৰে ৰূপায়ণ কৰা এখন আঁচনিৰ কোটি কোটি টকাৰ সামগ্ৰী পচি যোৱা পৰিলক্ষিত হৈছে৷

কংগ্ৰেছৰ দিনত শিপিনীক সূতা বিতৰণ কৰা বাবে কংগ্ৰেছে ৰূপায়ণ কৰিছিল এই আঁচনি৷ শেহতীয়াকৈ কামৰূপ জিলাৰ জালুকবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বেজেৰা উন্নয়ন খণ্ডত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ উৱলি যোৱা সূতা। উদ্ধাৰ হোৱা উৱলি যোৱা সূতাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হোৱাৰ লগতে উন্নয়ন খণ্ডটোত আন বৃহৎ পৰিমাণৰ সূতাও এটা গুডাম গৃহত লুকুৱাই ৰখাৰ সম্ভেদ পোৱা গৈছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামৰূপ জিলা সমিতিয়ে উন্নয়ন খণ্ডটোত বিভিন্ন কাম কাজত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাত অভিযোগ উত্থাপন কৰি গ্ৰহণ কৰিছিল এক প্ৰতিবাদী কাৰ্যসূচী। ইয়াৰ মাজত একাংশ প্ৰতিবাদীৰ উৎসুকতাৰ ফলত উন্নয়ন খণ্ডটোৰ এটা গৃহত লুকুৱাই ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ উৱলি যোৱা সূতা উদ্ধাৰ কৰে। প্ৰত্যক্ষদৰ্শী সকলৰ মতে আন এটা গৃহতো বস্তাই বস্তাই উৱলি যোৱা সূতা সেই সময়ত মজুত আছে।

ৰাজকোষৰ ধনৰ অপচয় কৰি বস্তাই বস্তাই উৱলি যোৱা সূতা উদ্ধাৰ হোৱাত স্বাভাৱিকতে সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। উৱলি যোৱা সূতাৰ অৱস্থাৰ পৰা এইটো নিশ্চিত হৈছে যে সূতাখিনি বহু পূৰ্বৰ পৰাই মজুত কৰি ৰখা হৈছে। চৰকাৰী আঁচনিৰ নামত ৰাজকোষৰ ধন ব্যয় কৰি এই সূতা খিনি ইয়ালৈ অনা হৈছিল আৰু পেলাই থৈ এই ধনৰ অপচয় কিয় কৰা হ’ল? লক্ষণীয়ভাৱে কংগ্ৰেছ চৰকাৰৰ বিগত ডেৰ দশক জোৰা কাৰ্যকালত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সূতা কম্বলৰ ৰাজনীতি চলিছিল যদিও উন্নয়ন এলেকা ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত আছিল।

এনে কাৰণত এতিয়া এই প্ৰশ্নও উত্থাপন হৈছে যে কেতিয়া আৰু কি উদ্দেশ্যত এই সূতাখিনি ইয়ালৈ অনা হৈছিল। ইয়াৰোপৰি প্ৰতিবাদীসকলেএনেদৰে বৃহৎ পৰিমাণৰ সূতা উদ্ধাৰ হোৱা কাৰ্য্যৰ পৰা ইয়াত দূৰ্নীতি সংঘটিত আৰু চৰকাৰী ধনৰ অপচয় হোৱাৰ প্ৰমাণ হোৱা বুলি দাবী কৰে৷ দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতিত গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক একাংশ লোকে সমালোচনা কৰা দেখা যায়৷