
newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এহাল দম্পতিক পাৰ পত্ৰৰ নবীকৰণৰ পৰা বঞ্চিত কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌৰ এটি পাৰপত্ৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই দম্পতিহাল বেলেগ বেলেগ ধৰ্মৰ হোৱাৰ বাবেই পাৰপত্ৰ কাৰ্যালয়ে পাৰপত্ৰৰ পুনৰ পঞ্জীয়ন কৰা নাছিল৷ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দম্পতিহালে সংবাদমাধ্যমৰ ওচৰ চাপি এই কথা ৰাজহুৱা কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷
Inter-faith couple harassed at passport office: Husband says, 'I was told I should change my religion & take 'pheras'. Wife says, 'We hope it doesn't happen to anyone else, in 11 yrs of marriage we never faced this. Later officials apologized & we got our passports.' #Lucknow pic.twitter.com/cqTIKc50Kc
— ANI UP (@ANINewsUP) June 21, 2018
দম্পতি হালৰ মহিলাগৰাকী হিন্দু আছিল৷ তেওঁলোকৰ আবেদন খাৰিজ কৰাৰ পূৰ্বে অপমান কৰা বুলিও অভিযোগ উত্থাপন হয়৷ তনবী শেঠ নামৰ মহিলগৰাকীৰ স্বামীক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ কৈ হিন্দু হোৱাৰ বাবে পৰামৰ্শ দিছিল৷ তনবীয়ে হিন্দু ধৰ্মৰ সৈতে জৰিত হৈ থকাৰ লগতে তনবীৰ স্বামী মুছলমানধৰ্মৰ সৈতে জৰিত থকা মহমম্মদ অনস৷ দুয়োৰে বিয়া ইছলামীক পৰম্পৰাত হৈছিল৷
Their passports have been issued. A show cause notice has been issued to the official who was at fault, action will also be taken. We regret the incident & will ensure it is not repeated: Regional Passport Officer, Lucknow on inter-faith couple being harassed at passport office. pic.twitter.com/pBRRihxING
— ANI UP (@ANINewsUP) June 21, 2018
বিকাশ মিশ্ৰ নামৰ বিষয়াগৰাকীয়ে মহিলাগৰাকী হিন্দু হোৱাৰ বাবেই পাৰপত্ৰ নবীকৰণ কৰিব দিয়া নাছিল বুলি কয়৷ তাৰ পিছতে তনবী শেঠ নামৰ মহিলাগৰাকীক নাম সলনি কৰিবলৈ কৈছিল৷ আনহাতে নিকাহ নামত মহিলাৰ নাম চাদিয়া অনস আছিল বুলি অভিযোগ উত্থাপন কৰে বিষয়াগৰাকীয়ে৷
We have all legal documents to apply for a passport. We had tweeted to Sushma Swaraj ma'am and we were asked to meet an officer at the regional passport office: Mohammad Anas Siddiqui, husband of Tanvi Seth who alleged she was harassed by an officer at #Lucknow Passport Office pic.twitter.com/oBWqfndA0v
— ANI UP (@ANINewsUP) June 21, 2018
বিষয়াগৰাকীয়ে কয় যে, তনবীয়ে মোৰ কথা নুশুনিলে৷ এই প্ৰক্ৰিয়াত সুনিশ্চিত কৰিব লাগে পাৰপত্ৰ লোৱা ব্যক্তিৰ নাম সলনি কৰি পাৰপত্ৰ লৈছে নেকি৷ যাৰ বাবে মই এপিঅ’ কাৰ্যালয়লৈ যোৱাৰ উপদেশ দিছিলো৷ মই নিজেই অইন ধৰ্মৰ যুৱতীক বিয়া কৰাইছোঁ৷ তেওঁলোক আন আন ধৰ্মৰ হলে মোৰ অসুবিধা একো নাই৷
Tanvi Seth alleges she was harassed by an officer at #Lucknow Passport Office as she was married to a Muslim and had not changed her name. She tweeted to Sushma Swaraj seeking help, says,"It was a humiliating experience, the officer was very loud & made attacking hand gestures.". pic.twitter.com/K6qCNwK5ck
— ANI UP (@ANINewsUP) June 21, 2018
দম্পতিৰ হালৰ সৈতে সংঘটিত এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইট কৰি অৱগত কৰিছিল৷ ঘটনা সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছিল৷ বিদেশ মন্ত্ৰালয়ে ঘটনা সন্দৰ্ভত চিন্তা ব্যক্ত কৰি ঘটনাৰ তদন্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে৷ ইমানে নহয় পাৰপত্ৰ বিষয়াকগৰাকীক বদলি কৰে৷
Asked Tanvi Seth to get the name'Shadia Anas'endorsed as it was mentioned on her Nikahnama,but she refused.We have to do thorough checks to ensure no person is changing their name to obtain a passport:Vikas Mishra,officer who allegedly harassed Tanvi Seth at Lucknow passport Off. pic.twitter.com/biQkBcghrJ
— ANI UP (@ANINewsUP) June 21, 2018
আনহাতে আঞ্চলিক পাৰপত্ৰ বিষয়া পীয়ুষ বাৰ্মাই দম্পতি হালক পাৰপত্ৰ নবীকৰণ কৰি দিয়া বুলি কয়৷ ঘটনাক লৈ দুখ প্ৰকাশ কৰি ঘটনাৰ তদন্ত কৰা হ’ব বুলি কয়৷